দুটি শিশুৰ সৈতে বিশ্বনাথত ১১ব্যক্তি আক্ৰান্ত কোৰোনাতঃ আটাইকেইজনেই আছিল কোৱাৰেন্টাইন চেন্টাৰত..

দুটি শিশুৰ সৈতে বিশ্বনাথত ১১ব্যক্তি আক্ৰান্ত কোৰোনাতঃ আটাইকেইজনেই আছিল  কোৱাৰেন্টাইন চেন্টাৰত..

ডিজিটেল সংবাদ, বিশ্বনাথঃ বহিঃৰাজ্যৰ পৰা স্ব-গৃহমুখী হোৱা বিশ্বনাথ জিলাৰ ১১ গৰাকী লোক শেহতীয়াকৈ ক'ভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে। জিলাখনৰ বিশ্বনাথ মহকুমাৰ ২টা আৰু গহপুৰ মহকুমাৰ এটা কোৱাৰেন্টাইন কেন্দ্ৰত প্ৰতিষ্ঠানিক কোৱাৰেন্টাইন হৈ থকা এই ১১ জন লোকক ইতিমধ্যে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰন কৰা হৈছে।

এই আক্ৰান্ত সকলৰ মাজত আছে দুটি শিশুও। জানিব পৰা মতে বিশ্বনাথ মহকুমাৰ জিলা গ্ৰামোন্নয়ন প্ৰতিষ্ঠান(SIRD)ৰ চৌহদত থকা কোৱাৰেন্টাইন কেন্দ্ৰত ৬ জন, বলিপুখুৰীৰ বাপুজী হাইস্কুলৰ চৌহদত থকা কোৱাৰেন্টাইন কেন্দ্ৰত ৩ জন আৰু গহপুৰ মহকুমাৰ ছয়দুৱাৰ মহাবিদ্যালয় চৌহদত থকা কোৱাৰেন্টাইন কেন্দ্ৰত ৩ জন লোকৰ ক'ভিড-১৯ পৰীক্ষাৰ ফলাফল পজিটিভ ওলায়।

প্ৰাপ্ত তথ্য মতে গহপুৰ মহকুমাৰ ছয়দুৱাৰ মহাবিদ্যালয় চৌহদত থকা কোৱাৰেন্টাইন কেন্দ্ৰত ক'ভিড-১৯ পজিটিভ বুলি চিনাক্ত হোৱা ব্যক্তি তিনি গৰাকী হৈছে ক্ৰমে য়ট কুমাৰ বিশ্বকৰ্মা(৫০)(ঘৰ বিহালীৰ পদুম পুখুৰী), শান্তিলাল কুৰ্মী(৩৫)(ঘৰ দক্ষিণ বালিজুুৰি) আৰু সুমন আচাৰ্য (১৯)(গমিৰি বৰতিগুৰি) ।যোৱা ২৫ মে দিনা এই তিনিও জন ব্যক্তি কোৱাৰেন্টাইন কেন্দ্ৰটোত ভৰ্তি হৈছিল। ৰেলৱে যোগে য়ট কুমাৰ আৰু সুমনে হাৰিয়ানাৰ পৰা আৰু শান্তিলালে পশ্চিম বংগৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছিল আৰু বাছেৰে আহি বিশ্বনাথৰ ডিষ্ট্ৰিক্ট স্ক্ৰীনিং চেন্টাৰত আৰু তাত ছোৱাব সংগ্ৰহৰ পাছত পাছত কোৱাৰেন্টাইন চেন্টাৰত ভৰ্তি হৈছিল।

একেদৰেে বাপুজী হাইস্কুলৰ চৌহদত থকা কোৱাৰেন্টাইন কেন্দ্ৰৰ ক'ভিড-১৯ পজিটিভ কেইজন ক্ৰমে লুকু বৰুৱা(১৯)(ঘৰ চতিয়া বেজ গাও), সুৰজ দৰ্জী(৩০)(বিহালীৰ ৰাঙচালী) আৰু চতিয়া কৰৈয়নীৰ ৰুদ্ৰ বাহাদুৰ চেত্ৰী(৩০)। তথ্য অনুসৰি লুকুৱে হাৰিয়ানাৰ পৰা, সুৰজে মুম্বাইৰ পৰা আৰু ৰুদ্ৰ বাহাদুৰে চেন্নাইৰ পৰা ৰেলৰ জৰিয়তে আহি কোৱাৰেন্টাইন কেন্দ্ৰটোত ভৰ্তি হৈছিল ।একেদৰেে বিশ্বনাথ চাৰিআলিৰ জিলা গ্ৰামোন্নয়ন প্ৰতিষ্ঠান(SIRD)ৰ চৌহদত থকা কোৱাৰেন্টাইন কেন্দ্ৰত ক'ভিড-১৯ পজিটিভ ৫ জন ক্ৰমে চতিয়াৰ বোকাবিলৰ সুৰজ ছেত্ৰী(১৮), চতিয়াৰ তেৱাৰীপালৰ পদ্মলাল শৰ্মা (২১) আৰু গহপুৰৰ টঙনা গাঁৱৰ একেটা পৰিয়ালৰে মাখন শইকীয়া (৪৩), ডিম্পী শইকীয়া (৬) আৰু উদিষ্মান শইকীয়া (৩)।

উল্লেখ্য যে সুৰজ আৰু পদ্মলালে চেন্নাইৰ পৰা ৰেলৰ জৰিয়তে আৰু শইকীয়া পৰিয়ালৰ কেইগৰাকীয়ে চিকিৎসা জনিত কাৰণত মুম্বাইৰ পৰা ৰেলৰ জৰিয়তে আহি কোৱাৰেন্টাইন কেন্দ্ৰটোত ২৭ মে দিনা ভৰ্তি হৈছিল। জিলাখনত শেহতীয়াকৈ ক'ভিড-১৯ পজিটিভ বুলি চিনাক্ত হোৱাৰ পিছতেই জনসাধাৰণৰ মাজত শংকা সংশয়ৰ উদ্ৰেক হৈছে যদিও আটাইকেইগৰাকী ক'ভিড-১৯ আক্ৰান্ত যিহেতু কোৱাৰেন্টাইন কেন্দ্ৰত প্ৰতিষ্ঠানিক কোৱাৰেন্টাইন হৈ আছিল, সেয়ে জিলা প্ৰশাসনে ৰাইজক ভীতি বিহ্বল হোৱাৰ বিপৰীতে সজাগ- সচেতন হৈ থাকিবলেহে আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in