শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

‘বিহু’ হাজাৰ হাজাৰ মানুহ জমা হোৱা উৎসৱ নহয় : বিশ্বজিৎ দৈমাৰী

ডিজিটেল সংবাদ কোকৰাঝাৰ: কোকৰাঝাৰ চহৰৰ হাব্ৰবাৰীস্থিত ড০ শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ত সমস্যাৰ বুজ লবলৈ বুধবাৰে উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ৷ উল্লেখ্য যে, ১৯৯৬ চনত স্থাপিত হোৱা কোকৰাঝাৰ সংগীত আৰু চাৰুকলা মহাবিদ্যালয়খন ঐতিহাসিক বি টি আৰ চুক্তি সম্পাদনাৰ পিছত প্ৰাদেশীকৰণৰ স্বীকৃতি লাভ কৰিছিল ৷ কোকৰাঝাৰৰ ড০ শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়খনৰ প্ৰাদেশীকৰণ সম্পন্ন হ’ল যদিও মহাবিদ্যায়খনৰ আন্তঃগাঁথনি , প্ৰশাসনিক আৰু শৈক্ষিক বিভিন্ন দিশত সমস্যাৰে জৰ্জৰিত হৈ আছে ।

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মহাবিদ্যালয়খন পৰিদৰ্শন কৰি আৰু সমস্যাৰ বুজ লবলৈ মহাবিদ্যালয়খনৰ প্ৰৱক্তাৰ জিৰণি ৰুমত এক আলোচনাত অংশ লয় । আলোচনাৰ অন্তত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সাংবাদিকৰ আগত কোকৰাঝাৰৰ ড০ শোভা ব্ৰহ্ম সংগীত চাৰুকলা মহাবিদ্যালয়খনে সন্মুখীন হোৱা অসুবিধাৰ বুজ লোৱা বুলি মন্তব্য কৰি সমস্যা সমাধানৰ পোষকতা কৰিছে । তদুপৰি মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নত কৰাৰ পোষকতা কৰি বিষয়টো শিক্ষামন্ত্ৰী আৰু প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰীৰ ওচৰত উপস্থাপন কৰা হ’ব বুলি মন্তব্য কৰিছে ৷

ইপিনে সংবাদমাধ্যমে উত্থাপন কৰা এক প্ৰশ্নোত্তোৰত বহু হাজাৰ হাজাৰ মানুহ জমা হোৱা উৎসৱ নহয় বুলি মন্তব্য কৰি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে বছৰটো কষ্ট কৰি ধান উৎপাদন কৰাৰ পিছত ঘৰতে পিঠা বনাই এসাজ মাছে -মাংসই খোৱাটোহে হ’ল ভোগালী বিহু । বিহুৰ দিনাখন আমি ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি ঈশ্বৰৰ প্ৰতি নৈৱেদ্য আগবঢ়াই নিজে খাওঁ ।

নিশা এছ অ’পি দিয়া সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰাতি ৰাতি কিয় ঘূৰিব লাগে বুলি প্ৰশ্ন উত্থাপন কৰি আমাৰ মাজত সঘনে লগ পাই থকাটো কমাব লাগিব বুলি মন্তব্য কৰে । কোভিডৰ বাবেহে কাৰ্ফিউ বুলি মন্তব্য কৰি কৰি কোভিডৰ কোনো চিকিৎসাই নাই বুলি মন্তব্য কৰে বিশ্বজিৎ দৈমাৰীয়ে ।

আনহাতে বিধানসভাৰ মজিয়াত অধ্যক্ষৰ নিৰপেক্ষতা সন্দৰ্ভত প্ৰায়ে বিৰোধীয়ে সমালোচনা কৰা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন উত্থাপন কৰাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজেকে নিৰপেক্ষ বুলি দাবী কৰিছে । সদনত অকল শাসক পক্ষ আৰু বিৰোধী পক্ষ থাকে আৰু কাৰোবাৰ বিৰুদ্ধে ৰুলিং দিলে অধ্যক্ষৰ ওপৰত অসন্তুষ্টি হৈ পৰে বুলি মন্তব্য কৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ভৱিষ্যতে আৰু অধিক নিৰেপক্ষ হোৱাৰ প্ৰচেষ্টা চলাব বুলি মন্তব্য কৰিছে ।