কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ…

কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ…

ডিজিটেল সংবাদ, কামপুৰঃ চৌদিশে এতিয়া শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ । সত্ৰ নগৰী মাজুলীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে এই দৌল মহোৎসৱ। পিছপৰি ৰোৱা নাই নগাঁও জিলাৰ কামপুৰৰ কপিলীপৰীয়া ৰাইজ । কপিলী পাৰৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বিষ্ণুপুৰী থানত চাৰিদিনীয়াকৈ উদযাপন হৈছে ৪৩ তম দৌল উৎসৱ । বুধবাৰে শোভাযাত্ৰা আৰু বন্তি প্ৰজ্বলনৰে আৰম্ভ হৈছে এই দৌল মহোৎসৱ। গুৰুজনাৰ অমৰ সৃষ্টিৰাজিৰ লগতে বিভিন্ন বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শনেৰে উদযাপন কৰা হব দৌল উৎসৱ ।

দৌল উৎসৱৰ নিশালৈ সতী জয়মতীৰ জীয়া কাহিনীৰ আধাৰত ৰচিত এখন নাটকো মঞ্চস্থ কৰিব স্থানীয় শিশু শিল্পীয়ে । শুক্ৰবাৰে বিভিন্ন কাৰ্যসূচীৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা নাটখন প্ৰদৰ্শন কৰিব স্থানীয় জীয়ৰী বোৱাৰী সকলে । যাৰ বাবে দিনে নিশাই আখৰাত ব্যস্ত হৈ পৰিছে কপিলী পাৰৰ জীয়ৰী বোৱাৰী সকল। শনিবাৰে সমূহীয়া হলীখেলেৰে দৌল উৎসৱৰ সামৰণি পৰিব।

উল্লেখ্য যে, ১৯৫৯ খ্ৰীষ্টাব্দত সেই স্থানত বোকাৰ মাজত পোত গৈ থকা অৱস্থাত শিলৰ এটি চৰ্তুভূজ মূৰ্ত্তি উদ্ধাৰ কৰিছিল স্থানীয় ৰাইজে। তেতিয়াৰ পৰাই সেই ঠাইৰ নাম বিষ্ণুপুৰী বুলি পৰিচিত হয় । পাছত ১৯৭৯ চনত চৰকাৰৰ পূৰাতত্ব বিভাগে উক্ত স্থানত খনন কাৰ্য চলাই শিলৰ বহুতো মূৰ্ত্তি উদ্ধাৰ কৰিছিল যদিও বৰ্তমান সংৰক্ষণৰ অভাৱত মূৰ্ত্তিসমূহ অত-তত সিচৰিত হৈ ৰৈছে ।

এই বিষ্ণুপুৰী থানত ভগৱান বিষ্ণুৰ চতুৰ্ভুজ মূৰ্ত্তিৰ নামত শৰাই-শলিতা আগবঢ়ালে ভক্ত সকলৰ মনোকামনা পূৰণ হয় বুলি লোকবিশ্বাস আছে । আজিৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই দৌল মহোৎসৱৰ সমূহ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে স্থানীয় ৰাইজে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in