কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত আছুৰ উদ্যোগত “এজন ছাত্ৰ এজোপা গছপুলি ” শীৰ্ষক ব্যতিক্ৰমী অভিযান…

কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত আছুৰ উদ্যোগত “এজন ছাত্ৰ এজোপা গছপুলি ” শীৰ্ষক ব্যতিক্ৰমী অভিযান…

ডিজিটেল সংবাদ,ওৰাং: ওদালগুৰি জিলাৰ পূব প্ৰান্তৰ অগ্ৰণী শিক্ষা অনুষ্ঠান ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত সোমবাৰে মহাবিদ্যালয় আছু গোটৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ- ছাত্ৰী‌ৰ সহযোগত অনুষ্ঠিত হয়"এজন ছাত্ৰ এজোপা গছপুলি" শীৰ্ষক এক ব্যতিক্ৰমী অভিযান ।

পৰিবেশ প্ৰদূষণৰ ৰোধ কৰা আৰু পৰিবেশ ৰক্ষা কৰাৰ লক্ষ্যৰে মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীয়ে গ্ৰহণ কৰিছে এই আদৰণীয় পদক্ষেপ । গছ পুলি ৰোপনৰ জৰিয়তে মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীক পৰিবেশৰ ওপৰত সচেতন কৰাৰ উদ্দেশ্য গ্ৰহণ কৰিছে এই ব্যতিক্ৰমী পদক্ষেপ । প্ৰত্যেক ছাত্ৰ -ছাত্ৰীক এজোপাকৈ গছ পুলি ৰোপন কৰি পৰিবেশ ৰক্ষা কৰিবলৈ আহ্বান ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীৰ। গছ পুলি ৰোপনৰ ওপৰত অনুষ্ঠিত হোৱা বিশেষ অনুষ্ঠানৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° উৎপল চন্দ্ৰ হাজঙে।

তাৰপাছতে মহাবিদ্যালয়ৰ প্ৰত্যেক গৰাকী ছাত্ৰ -ছাত্ৰীয়ে মহাবিদ্যালয়ৰ চৌহদত এজোপাকৈ মূল্যবান গছ পুলি ৰূপন কৰে । পৰিবেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে মহাবিদ্যালয় আছু গোট আৰু ছাত্ৰ -ছাত্ৰী সকলে। লগতে সেউজী ধৰনি গড় দিয়াৰ বাবে প্ৰয়াস কৰিছে ছাত্ৰ- ছাত্ৰী সকলে। গছ পুলি ৰূপায়ন কৰি মহাবিদ্যালয় খনক সেউজীয়া কৰি জাকত জিলিকা কৰাৰ লক্ষ্য মহাবিদ্যালয় আছু গোটৰ।

এজন ছাত্ৰ এজোপা গছপুলি অভিযানত অংশগ্ৰহণ কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা আৰু ইংৰাজী বিভাগৰ প্ৰবক্তা ড° হোমেন বৰুৱাই । পশ্চিম ঢেকিয়াজুলি আছুৰ সভাপতি অনাঙ্গ মোহন দাসে আত ধৰে এই ব্যতিক্ৰমী অনুষ্ঠানটোৰ। ব্যতিক্ৰমী এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ কেইবাগৰাকীও সদস্য । উল্লেখযোগ্য যে কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত নতুন কৈ গঠন হৈছে আছু গোট‌।

মহাবিদ্যালয়ত আছু গোট গঠন কৰাৰ পাছতে অনুস্থিত কৰিছে গছ পুলি ৰোপনৰ এই অভিযান। আছু গোটৰ উদ্যোগত ৰূপায়ন হোৱা এই অভিযানত ছাত্ৰ -ছাত্ৰী সকলে মহাবিদ্যালয়ৰ চৌহদত ৰোপন কৰে পাঁচশৰো অধিক মূল্যবান গছপুলি। মহাবিদ্যালয়ৰ আছু গোট আৰু ছাত্ৰ-ছাত্ৰীৰ এই আদৰণীয় পদক্ষেপক সকলোৱে আদৰণি জনোৱাৰ লগতে প্ৰশংসা কৰিছে। গছ পুলি ৰোপনৰ এই অনুষ্ঠানত মহাবিদ্যালয় খনৰ সমূহ ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in