গুজৰাটত কোভিডত আক্ৰান্ত হৈ মৃত্যু বনগাঁৱৰ বিৰাজ বৰা…

গুজৰাটত কোভিডত আক্ৰান্ত হৈ মৃত্যু বনগাঁৱৰ বিৰাজ বৰা…

ডিজিটেল সংবাদ,গুৱাহাটী : গুজৰাটৰ আহমেদাবাদত কৰ্মৰত বনগাঁৱৰ এজন লোক কোভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৷ মৃত লোকজনৰ নাম বিৰাজ বৰা (৪০) ৷ আহমেদাবাদৰ এছ, এছ, জি, হস্পিতালত ক'ভিডত আক্ৰান্ত হৈ বুধবাৰে নিশা মৃত্যু হয় লোকজনৰ ৷ যোৱা প্ৰায় চাৰি বছৰ ধৰি আহমেদাবাদত এটা কেফেটেৰিয়াৰ গুডাম কিপাৰ হিচাপে কৰ্মৰত হৈ আছিল বিৰাজ বৰা ৷

যোৱা ১৩ এপ্ৰিলৰ পৰা লোকজন কোভিডত আক্ৰান্ত হৈ এছ,এছ,জি,হস্পিতালৰ কোভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ আছিল ৷ কোভিড প্ৰটকল অনুসৰি নিশাই বিৰাজ বৰাৰ অন্তেষ্টিক্ৰীয়া আহমেদাবাদতেই সম্পন্ন কৰা হয় ৷ পুত্ৰৰ অধ্যয়ণৰ সূত্ৰে পত্নী মামু বৰাসহ একমাত্ৰ পুত্ৰ বোকাখাতৰ খ্ৰীষ্টজ্যোতি হাইস্কুলৰ সমীপত ভাড়াঘৰত আছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in