বিকাশ ডুবে এনকাউন্টাৰৰ তদন্ত কমিটি গঠন

বিকাশ ডুবে এনকাউন্টাৰৰ তদন্ত কমিটি গঠন


ডিজিটেল ডেস্কঃ ১০ জুলাই তাৰিখে এনকাউন্টাৰত নিহত হৈছিল মধ্য প্ৰদেশ আৰক্ষীৰ নিদ্ৰা হৰণ কৰি অহা কুখ্যাত অপৰাধী গেংষ্টাৰ বিকেশ ডুবেৰ। বিভিন্ন অপৰাধ মূলক কৰ্মৰে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হোৱা কুখ্যাত গেংষ্টাৰ বিকাশে শেহতীয়াকৈ কাণপুৰত বিকাশক কৰায়ত্ত কৰিবলৈ যোৱা আৰক্ষীৰ দলক দলবদ্ধাভাৱে আক্ৰমণ কৰি হত্যা কৰিছিল। আৰু তাৰ পাছৰ পৰাই পলাতক বিকাশে উজ্জয়িনীৰ মহাকাল মন্দিৰত নাটকীয় ভাৱে আত্মসমৰ্পণ কৰিছিল।

কিন্তু মধ্য প্ৰদেশ আৰক্ষীৰ হাতত আত্ম সমৰ্পণ কৰা বিকাশ গ্ৰেপ্তাৰৰ মাত্ৰ এদিন পাছতেই কাণপুৰত আৰক্ষী হত্যা লীলা সংঘটিত কৰা স্থানৰ পৰা মাত্ৰ ৮ কিঃমিটাৰ মান নিলগত উত্তৰ প্ৰদেশ আৰক্ষীৰ হাতত এনকাউন্টাৰত নিহত হয়। তাৰ পাছতেই বিকাশৰ এনকাউন্টাৰকলৈ বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰে।

সমগ্ৰ ঘটনাকৰ পৰিপ্ৰেক্ষিত্বত উত্তৰ প্ৰদেশ চৰকাৰে বিকাশ ডুবে এনকাউন্টাৰৰ ঘটনা তদন্ত কৰিবলৈ এখন তদন্ত সমিতি গঠন কৰাৰ পোষকতা কৰে। উত্তৰ প্ৰদেশ চৰকাৰৰ এগৰাকী প্ৰবক্তাই জানিবলৈ দিয়া মতে ন্যায়াধীশ শশী কান্ত আগৰৱালৰ নেতৃত্বত কাণপুৰত এখন এজনীয়া সদস্যৰ সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰবক্তা গৰাকীৰ মতে বিকাশ ডুবে আৰু তেওঁৰ সহযোগীসকলৰ দ্বাৰা তিনি জুলাইত সংঘটিত কৰা আৰক্ষীৰ হত্যা লীলাৰ তদন্ত কৰিব। ইয়াৰ লগতে দহ জুলাই তাৰিখে বিকাশ ডুবেক কাণপুৰলৈ নি থকা অৱস্থাত এনকাউন্টাৰত নিহত হোৱা সমগ্ৰ ঘটনাটোৰো গুৰুত্বসহকাৰে তদন্ত কৰিব সমিতিখনে। দুই তিনি জুলাইত আৰক্ষীৰ হত্যা লীলা, দহ জুলাইত সংঘটিত হোৱা এনকাউন্টাৰ আৰু ইয়াৰ লগত জড়িত অপৰাধ মূলক ঘটনাৰো সমিতিখনে তদন্ত কৰিব বুলি মন্তব্য কৰে উত্তৰ প্ৰদেশ চৰকাৰৰ প্ৰবক্তা গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in