ৰাজহুৱা খণ্ডৰ বেংকলৈ স্থানান্তৰ তিনি প্ৰবঞ্চকৰ ব্যক্তিগত সম্পত্তি…..

ৰাজহুৱা খণ্ডৰ বেংকলৈ স্থানান্তৰ তিনি প্ৰবঞ্চকৰ  ব্যক্তিগত সম্পত্তি…..

ডিজিটেল ডেস্ক; ভাৰতীয় বেংক সমূহৰ পৰা কোটি কোটি হজাৰ টকাৰ ঋণ লৈ দেশ এৰি পলায়ন কৰা তিনি ধনী প্ৰবঞ্চকৰ বিৰুদ্ধে  বিশেষ পন্থা হাতত লৈছে প্ৰশাসনে।পলাতক ব্যৱসায়ী বিজয় মালিয়া,নিৰব মোডী,মেহুল চোকচীৰ ব্যক্তিগত সম্পত্তি গতাই দিয়া হ'ল ৰাজহুৱা খণ্ডৰ বেংকক। তিনি প্ৰতাৰকৰ বাবে ক্ষতিগ্ৰস্ত হোৱা ৰাজহুৱা বেংক সমূহক ৯,৩৭১ কোটি টকাৰ সম্পত্তি স্থানান্তৰৰ কৰিলে ইডিয়ে ।

তথ্য অনুসৰি আটাইকেটা  বেংকত সৰ্বমুঠ ২২,৫৪৮.৮৩ কোটি টকা ঋণ পৰিশোধ কৰিবলৈ আছিল তিনিও প্ৰতাৰকে। আৰু ইডিয়ে মুঠ ৮৪৪১.৫ কোটি টকাৰ সম্পত্তি গতাই দিবলৈ সক্ষম হৈছে। চিবিআিয়ে পঞ্জীয়ন কৰা এক এজাহাৰৰ ভিত্তিত সঞ্চালকালয়ে তিনিওটা  আত্মসাৎকাৰীৰ বিদেশত থকা ধনৰ লেনদেন,ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু সম্পত্তি সমূহ চিনাক্ত কাৰা পাছত পোহৰলৈ আহিছে অন্য কিছু তথ্য।

তিনিওটা প্ৰবঞ্চকে পূৰ্ব পৰিকল্পিত ভাৱে বেংক সমূহৰ পৰা ঋণ লৈ ধন আত্মসাৎ কৰিবলৈ কেইবাটাও ভুৱা প্ৰতিষ্ঠান নথি ব্যৱহাৰ কৰিছিল। সঞ্চালকালয়ে বিদেশত ৯৬৯ কোটি টকাৰ সম্পত্তিসহ ১৮,১৭০ কোটি টকাৰো অধিক সম্পত্তি জব্দ কৰিছে। এতিয়ালৈকে জব্দ কৰা মুঠ সম্পত্তিৰ দ্বাৰা বেংক সমূহৰ মুঠ লোকচানৰ ৮০.৪৫ শতাংশহে পূৰণ কৰিব পৰা গৈছে । ইডিৰ অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি জব্দ হোৱা বেছিভাগ সম্পত্তিৰ এটা ডাঙৰ অংশ ভুৱা কোম্পানী, তৃতীয় পক্ষ বা ট্ৰাষ্টৰ নামত উত্থাপন কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in