বিহপুৰীয়াত পাতঃভ্ৰমণলৈ যোৱা লোকক মহতিয়ালে স্ক’ৰপিঅ’ইঃ থিতাতে নিহত এজন, আহত এজন….

বিহপুৰীয়াত পাতঃভ্ৰমণলৈ যোৱা লোকক মহতিয়ালে স্ক’ৰপিঅ’ইঃ থিতাতে নিহত এজন, আহত এজন….

ডিজিটেল সংবাদ বিহপুৰীয়া: বিহপুৰীয়া নগৰত আজি পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ AS 15G 2777 নম্বৰৰ এখন দ্ৰুতবেগী স্ক'ৰপিঅ'ই মহতীয়াই নিয়ে এজন লোকক ৷ প্ৰাতঃভ্ৰমণৰ বাবে ওলাই অহা বিহপুৰীয়া নগৰৰ তিনি নম্বৰ ৱাৰ্ডৰ মমতাজ আলি (৫৮) নামৰ শাৰিৰীক ভাৱে অক্ষম লোকজনক বহু দূৰ বাহনখনে চোচৰাই নিয়াৰ ফলত থিতাতে নিহত হয় ৷

আনহাতে বাহনখনেও পথৰ দাতিঁৰ এটা আৱাসগৃহত খুন্দা মৰাৰ ফলত চালক ৰতন কোৱঁৰ গুৰুতৰভাৱে আহত হয়৷ ঘটনা স্থলিত বিহপুৰীয়া থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহত চালকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in