বিহপুৰীয়া আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ, চলিত মাহত ১৪টা মটৰচাইকেল চোৰ গ্ৰেপ্তাৰ, উদ্ধাৰ ৯ খন চুৰি মটৰ চাইকেল

বিহপুৰীয়া আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ, চলিত মাহত ১৪টা মটৰচাইকেল চোৰ গ্ৰেপ্তাৰ, উদ্ধাৰ ৯ খন চুৰি মটৰ চাইকেল

ডিজিটেল সংবাদ, বিহপুৰীয়াঃ ৰাজ্যৰ লগতে বহিঃৰাজ্য অৰুণাচল প্ৰদেশতো মটৰচাইকেল চুৰিৰে সন্ত্ৰাস চলাই অহা মটৰচাইকেল চুৰি চক্ৰটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিহপুৰীয়া আৰক্ষীয়ে৷ চলিত মাহটোতে বিহপুৰীয়া আৰক্ষীয়ে অভিযান চলাই চৌদ্ধটা গভাইত মটৰচাইকেল চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ন খন চুৰি মটৰচাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷

বিহপুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক হিৰণ্য পাটৰৰ নেতৃত্বত অব্যাহত থকা এই অভিযানত পুনৰ আজি দুটা চোৰ জালত পৰে ৷ লালুক পিলখানাৰ পাপু দাস (৩২) আৰু বান্দৰদেৱাৰ ডিক্ৰং চাপৰিৰ নিতুল ৰাজখোৱা (৩১) নামৰ চোৰ দুটা ৰ পৰা দুখন চুৰি মটৰচাইকেল উদ্ধাৰ কৰে আৰক্ষীয়ে৷

উল্লেখযোগ্য যে বিহপুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক হিৰণ্য পাটৰৰ লগতে উপ পৰিদৰ্শক তেজ বাহাদুৰ গুৰুং,চেনিৰাম পগাগ আৰু ডিম্বেশ্বৰ বৰুৱাই মটৰচাইকেল চোৰৰ বিৰুদ্ধে অব্যাহত ৰখা এই অভিযানক প্ৰশংসা কৰিছে স্থানীয় ৰাইজে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in