স্বাস্থ্য বিভাগৰ বিজ্ঞাপন মিছা প্ৰমাণিত! বিহপুৰীয়াত সৰ্প দংশনত মৃত্যু কিশোৰীৰ, নাপালে প্ৰয়োজনীয় চিকিৎসা…

স্বাস্থ্য বিভাগৰ বিজ্ঞাপন মিছা প্ৰমাণিত! বিহপুৰীয়াত সৰ্প দংশনত মৃত্যু কিশোৰীৰ, নাপালে প্ৰয়োজনীয় চিকিৎসা…

ডিজিটেল সংবাদ, বিহপুৰীয়াঃ বিহপুৰীয়াৰ পকাদলত সৰ্পদংশনত শিখামনি বৰুৱা (১৯) নামৰ এগৰাকী কিশোৰীৰ মৃত্যু৷ দেওবাৰে সন্ধিয়া ঘৰৰ ভিতৰতে বিষাক্ত সৰ্পই দংশন কৰিছিল কিশোৰীগৰাকীক৷ পূব ডিক্ৰং মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাষিকৰ ছাত্ৰী আছিল কিশোৰী গৰাকী৷ উপযুক্ত চিকিৎসাৰ অভাৱতেই কিশোৰী গৰাকীৰ মৃত্যুৰ অভিযোগ৷

বিহপুৰীয়া গ্ৰাম্য চিকিৎসালয়ৰ পৰা লখিমপুৰলৈ নিয়াৰ পথতে মৃত্যু হয় কিশোৰী গৰাকীৰ৷ বিহপুৰীয়া চিকিৎসালয়ৰ পৰা বিনা চিকিৎসাই ওভতাই পথোৱাৰ অভিযোগ৷ উল্লেখযোগ্য যে, স্বাস্থ্য বিভাগে ৰাজ্যৰ প্ৰায়বোৰ চৰকাৰী চিকিৎসালয়তে সৰ্প দংশনৰ চিকিৎসা সম্ভৱ বুলি ঢাক ঢোল কোবাই অহাৰ সময়তে বিনা চিকিৎসাই এনেদৰে এগৰাকী কিশোৰীয়ে অকাল মৃত্যুক সাৱটি লোৱাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া৷ বিহপুৰীয়া চিকিৎসালয়তো সৰ্প দংশনৰ চিকিৎসা উপলব্ধ বুলি পূৰ্বেই স্বাস্থ্য বিভাগে বিজ্ঞাপনত উল্লেখ কৰিছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in