কৰুণ ঘটনা! বজ্ৰপাতৰ ফলত নিহত ৮ শিশু, আহত ৯…
ডিজিটেল ডেস্কঃ বিহাৰৰ নৱাদা জিলাত সংঘটিত হয় এক শোকাৱহ ঘটনা। জিলাখনৰ ধানপুৰ মুছহৰী গাঁৱত বজ্ৰপাতৰ ফলত নিহত হয় ৮টাকৈ শিশু। তদুপৰি, আন ৯টাকৈ শিশু গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আহত শিশু কেইটিক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয়।

আহত শিশু কেইটিৰ ভিতৰত এটি শিশুৰ অৱস্থা অতি সংকটজনক। ইফালে, বজ্ৰপাতৰ ফলত একেখন গাঁৱৰ এগৰাকী ৬০ বছৰীয়া বৃদ্ধৰো মৃত্যু হয়। ৰাষ্ট্ৰীয় সংবাদমাধ্যম অনুসৰি, শিশু কেইটি যেতিয়া খেলি থাকে সেই সময়তে বৃষ্টিপাত হয়। তাৰপাছত শিশু কেইটিয়ে এটা গছৰ তলত থিয় হোৱা সময়তে বজ্ৰপাতৰ ফলত এই ঘটনা সংঘটিত হয়।