মেঘালয়ৰ ‘হুইছলিং গাওঁ’ চোৱাচিতা কৰিব বিজেপিৰ এজন সাংসদে, কিন্তু কিয়… পঢ়ক সবিশেষ

মেঘালয়ৰ ‘হুইছলিং গাওঁ’ চোৱাচিতা কৰিব বিজেপিৰ এজন সাংসদে, কিন্তু কিয়… পঢ়ক সবিশেষ

ডিজিটেল ডেস্কঃ মেঘালয়ৰ এখন গাঁও, নাম কংথং। ৰাজ্যবাসীৰ মাজত এই গাঁওখন হুইছলিং (Whistling)গাঁও ৰূপে জনাজাত। শ্বিলঙৰ পৰা প্ৰায় ৫৬ কিঃমিঃ নিলগত থকা এই গাওঁখনৰ আছে এক বিশেষত্ব। পুৰণি কালৰে পৰা এই গাঁৱৰ প্ৰত্যেকগৰাকী মাতৃয়ে এক নিজস্বধৰণে নিচুকণি গীত সন্তানৰ বাবে গাই, যাক স্থানীয় লোকে 'জিংগৰ্ৱাই জাৱবেই' বুলি কোৱা হয়।

ৰাজ্যসভাতো এই পাৰম্পৰিক লোকসংগীত আৰু গাঁওখনক লৈ চৰ্চা হৈছিল। এই বিশেষ গাঁওখন শেহতীয়াকৈ চোৱা-চিতাৰ দায়িত্ব লৈছে বিহাৰৰ সাংসদ ৰাকেশ সিনহাই। তেওঁ ৰাজ্যসভাত এই গাওঁখনত এনেদৰে নিজস্বধৰণে নিচুকণি গীত গোৱাৰ যি পৰম্পৰা, সেয়া লুপ্ত পোৱাৰ আশংকা ব্যক্ত কৰে। লগতে চৰকাৰক এই গাঁওখন UNESCOৰ তালিকাত সাংস্কৃতিক ঐতিহ্য ৰূপে অন্তৰ্ভুক্ত কৰাৰ বাবে অনুৰোধ জনায়।

উল্লেখ্য যে, পূব খাচী হিলছৰ চহৰাত আছে এই গাঁওখন। গাওঁখনত আছে প্ৰায় ১২৫টা বাসগৃহ, য'ত আছে ৫০০ জন লোক। এই গাঁওখনত প্ৰতিগৰাকীয়ে মাতৃয়ে নিজস্বধৰণে গাই নিচুকণি গীত। এই পৰম্পৰা আৰু গাঁওখনক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ বাবে গঠন কৰি দিয়া হৈছে এখন সমাজ।

স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ প্ৰতিটো চোকে-কোণে মহিলাসকলক ছেনিটেৰী পেড যোগান ধৰাৰ যি আহ্বান জনাইছিল তাৰ প্ৰতি সঁহাৰি জনাই বিজেপিৰ এই সাংসদগৰাকীয়ে হুইছলিং গাঁওখন চোৱাচিতাৰ দায়িত্ব লোৱাৰ লগতে গাওঁখনত যোগান ধৰিছে ছেনিটাৰী পেড আৰু চাবোন। সাংবাদিকৰ আগত সাংবাদ সিনহাই প্ৰতিশ্ৰুতি দিয়ে যে, এই গাঁওখনক ম'ডেল গাঁও হিচাপে আৰু পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰা হ'ব।

লগতে এই গাঁওখনৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে এমপিএলএডি ফাণ্ডৰ ধন ব্যয় কৰিব সাংসদ গৰাকীয়ে। তেওঁ লগতে কয় যে, কংথঙত আছে প্ৰায় ৯৭টা পৰিয়াল। তেওঁলোকৰ বাবে ৩০০০ চাবোন আৰু ৩৬০০ ছেনিটাৰী পেড পঠিওৱা হৈছে। কিন্তু এই গাঁওখনত বৰ্তমানেও উন্নত চিকিৎসা সেৱা, শিক্ষা আৰু যোগাযোগৰ ব্যৱস্থা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in