/asomiyapratidin/media/media_files/2025/10/25/ap-web-1-2025-10-25-09-21-03.jpg)
ডিজিটেল সংবাদ, বিহালীঃ সম্প্ৰতি বিশ্বনাথ জিলাৰ বিহালীৰ সামাজিক মাধ্যমত ভাইৰেল এক ভিডিঅ'ই তীব্ৰ জোকাৰণি সৃষ্টি কৰিছে৷ ভাইৰেল ভিডিঅ'টোত দেখা গৈছে জনহিতৰ্থে আৰু জনসেৱাৰ্থে উৎসৰ্গিত অসম আৰক্ষীৰ দানৱীয় ৰূপ৷
খবৰ অনুসৰি, বিশ্বনাথ জিলাৰ বিহালী সমজিলা অধীনৰ কেটেলা খেল পথাৰত অনুষ্ঠিত কালীপূজা মেলাৰ৷ কেটেলাত অনুষ্ঠিত কালীপূজা মেলা এলেকাত একাংশ যুৱকৰ মাজত হাই-কাজিয়া সৃষ্টিৰ পিছত এজন সাধাৰণ যুৱকৰ ওপৰত কৰ্তব্যৰত অসম আৰক্ষীয়ে দানৱৰ দৰে জপিয়াই উপৰ্যুপৰি আক্ৰমণ চলায়৷ ভাইৰেল ভিডিঅটোত নাগৰিকৰ জীৱন-সম্পতি সুৰক্ষা, আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কৰ্মৰত আৰক্ষীয়ে যুৱকজনক খেদি-খেদি মূৰে-পিঠিয়ে আক্ৰমণ কৰি সাধাৰণ নাগৰিকৰ সন্মূখত বীৰত্ব জাহিৰ কৰিছে৷
এই ভিডিঅটো ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। প্ৰশ্ন হয়- এনেদৰে সাধাৰণ নাগৰিকৰ উপৰত আক্ৰমণ চলাই আৰক্ষীয়ে সাধাৰণ ৰাইজৰ আস্থা জিনি আৰক্ষী আৰু ৰাইজৰ মাজত সুসম্পৰ্ক গঢ়ি তোলাতো সম্ভৱ হ'বনে৷ সম্প্ৰতি বিহালীৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ'টোত প্ৰকাশ পোৱা আৰক্ষীৰ কাৰ্যত বিহালীৰ সকলো সমাজ সচেতন ৰাইজ স্তম্ভিত হৈ পৰিছে৷
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us