৭৬ত ভৰি থলে বিগ বিয়ে….

৭৬ত ভৰি থলে বিগ বিয়ে….

ডিজিটেল ডেস্কঃ বলিউডত কেইবাটাও দশকজুৰি আধিপত্য বিস্তাৰ কৰা বিগ বিৰ আজি জন্মদিন।বলিউদৰ বহু উত্থান-পতনৰ জীৱন্ত সাক্ষী অভিতাভ বচ্চন। অদ্বিতীয় অভিনয়শৈলী আৰু যাদুকৰী কন্ঠৰ গৰাকী অভিতাভ বচ্চনে  ভৰি দিলে ৭৬ বছৰ বয়সত। ১৯৪২ চনৰ ১১ অক্টোবৰত উত্তৰ প্ৰদেশৰ এলাহাবাদত জন্ম গ্ৰহণ কৰিছিল বিগ বিয়ে।

১৯৬৯ চনত 'চাত হিন্দুস্তানী'নামৰ ছবিখনৰ জৰিয়তে বলিউদত খোজ পেলাইছিল বিগ বিয়ে। আৰম্ভণিতে ১৯৬৯ৰ পৰা ১৯৭২ চনলৈকে একাধাৰে ১২খন ছবি ফ্লপ হৈছিল অমিতাভৰ। ইয়াৰ পাছতে ১৯৭৩ চনত ছবিঘৰলৈ আহিল বিগ বি অভিনীত ছবি 'জঞ্জীৰ'। বক্স অফিচত চুপাৰ হিট হোৱাৰ লগতে এই ছবিখনে বলিউদত 'এঙ্গৰী য়ংমেন' ৰূপে বিগ বিৰ এক ভাৱমুৰ্তিও গঢ়ি তুলিছিল।

ইয়াৰ পাছৰে পৰা আৰু উভতি চাব লগা হোৱা নাই অমিতাভে। ইতিমধ্যে ১০০ৰো অধিক ছবিত অভিনয় কৰা অভিতাভ বচ্চনক ভাৰত চৰকাৰে ২০১৫ চনত পদ্ম বিভূষণ, ২০০১চনত পদ্ম ভূষণ আৰু ১৯৮৪ চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল। ১৯৭৩ চনত বলিউড অভিনেত্ৰী জয়া ভাদুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা বিগ বি বৰ্তমান পৰিয়ালৰ সদস্য সকল হল পুত্ৰ অভিষেক বচ্চন,বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন,নাতিনী আৰাদ্ধা বচ্চন আৰু জীয়াৰী স্বেতা বচ্চন নন্দা।

অভিনেতাৰ পৰিৰ্ৱতে ইঞ্জিনিয়াৰ বা বায়ুসেনাত যোগ দিবলৈ বিচৰা অমিতাভ বচ্চন এতিয়া বলিউদৰ পিতামহস্বৰূপ। কেৱল অভিনয় জগততে নহয় ৰাজনীতি জগততো প্ৰভাৱ বিস্তাৰ কৰিছিল বিগ বিয়ে। ১৯৮৪ চনত এলাহাবাদ সমষ্টিৰ পৰা লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ লগতে ভাৰতৰ পূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰো ঘনিষ্ঠ বন্ধু আছিল অমিতাভ।

৭৬ সংখ্যক জন্মদিনত বিগ বি ক দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ লগতে দেশ-বিদেশৰ অসংখ্য গুণমুদ্ধই টুইটাৰযোগে জনাইছে শুভকামনা। ৭৬ বছৰ বয়সতো প্ৰৱল কৰ্ম উদ্যমৰ গৰাকী বিগ বি বৰ্তমানেও ব্যস্ত ৬ খন ছবিৰ শ্বুটিংত। সকলো গুণমুদ্ধৰ শুভকামনা আদৰি বিগ বিয়ে টুইটাৰত লিখিছে- 'বিশেষ দিনটো আকৌ আহিল,সচাঁই মোৰ বাবে এইটো বিশেষ দিন।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in