ভুল হৈছে স্বীকাৰ কৰিছো, শাস্তি দিলে পত্নীক শাস্তি দিব পাৰেঃ ভূপেন বৰা…

ভুল হৈছে স্বীকাৰ কৰিছো, শাস্তি দিলে পত্নীক শাস্তি দিব পাৰেঃ ভূপেন বৰা…

ডিজিটেল ডেস্কঃ মন্ত্ৰী পীয়ুষ হাজৰিকাই সোমবাৰে সংবাদ মেলৰ জৰিয়তে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত কৰা অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ভূপেন বৰাই। পীযুষ হাজৰিকাই কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ পত্নীয়ে নিজকে নিবনুৱা বুলি পৰিচয় দি হাউচিঙৰ ফ্লেট লোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

এই অভিযোগৰ প্ৰত্যুত্তৰত ভূপেন বৰাই কয় যে, হাউচিঙৰ ফ্লেটতো মোৰ নামত নাই, পত্নীৰ নামত হে আছে। তেওঁক শাস্তি দিলে দিব পাৰে। পত্নীয়ে নিবনুৱা হিচাপে পৰিচয় দি হাউচিঙৰ ফ্লেট লোৱা বিষয়টোত নিজৰ ভুল স্বীকাৰ কৰি ভূপেন বৰাই কয়, ভুল হৈছে স্বীকাৰ কৰিছো। এই ভুলৰ বাবে শাস্তি দিলে পত্নীক শাস্তি দিব পাৰে।

ইয়াৰ উপৰিও ভূপেন বৰাই কয় যে, যদি এই ভুলৰ বাবে ফাইন ভৰিব লাগে তেনে ফাইন ভৰিবলৈও সাজু আছে। তেওঁ এই ভুল স্বীকাৰ কৰি দৃষ্টান্ত দেখুৱাইছো বুলি মন্তব্য কৰি কয়, ভূপেন বৰা ভয় খাই পিছ হুহুকি নাহে । তেওঁ কয় মুখ্যমন্ত্ৰীয় তেওঁক ভয় খুৱাব বিচাৰিছে। কিন্তু তেওঁক এনকাউণ্টাৰ কৰাৰ বাহিৰে প্ৰলোভনেৰে মৌন কৰি ৰাখিব নোৱাৰে।

ইফালে হাউচিঙত পত্নীৰ নামত থকা ফ্লেটতোত বৰ্তমান ভূপেন বৰাৰ পৰিয়ালৰ কোনো লোক নাথাকে বুলি মন্তব্য কৰি কয় যে, সেই ফ্লেটটোত ৰবীন শইকীয়া নামৰ মুখ্যমন্ত্ৰীৰ এজন নিবনুৱা ভাগিন থাকে। উল্লেখ্য যে, মন্ত্ৰী পীয়ুষ হাজৰিকাই সোমবাৰে এক সংবাদ মেলৰ জৰিয়তে ভূপেন বৰাৰ পত্নীয়ে হাউচিঙৰ ফ্লেট ভুৱা তথ্যৰে হস্তগত কৰাৰ বিষয়ে তথ্যসহ ফাদিল কৰিছিল।

সংবাদ মেলখনত মন্ত্ৰী হাজৰিকাই কৈছিল যে, ২০০৬ চনত নিজকে নিবনুৱা, বিবাহিতা আৰু মাহিলী আয় ৬৮৪০ টকা বুলি কৈ হাউচিঙৰ ফ্লেট লৈছিল ভূপেন বৰাৰ পত্নী মৌচুমী বৰগোঁহাইয়ে। এই ফ্লেট ৭ মাৰ্চত আৱন্টন হৈছিল।হাজৰিকাই প্ৰকাশ কৰা অনুসৰি ২০০৬ ৰ পৰা ২০২১ চনলৈ এই ঘৰৰ মালিক মৌচুমী বৰগোহাঁই আছিল। কিন্তু ঘৰ লোৱাৰ এবছৰ পাছতেই অৰ্থাত ২০০৭ চনত মেডিকেল কলেজত ডেমষ্ট্ৰেটৰ হিচাপে যোগদান কৰিছিল ভূপেন বৰাৰ পত্নীয়ে। নিবনুৱাই পাবলগীয়া ঘৰ ভূপেন বৰাৰ পত্নীয়ে দুই নম্বৰী উপায়েৰে হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰে হাজৰিকাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in