শিৱসাগৰত অসমৰ বিশিষ্ট বুৰঞ্জীবিদ ভুৱন চন্দ্ৰ সন্দিকৈৰ আৱক্ষ মূৰ্তি উন্মোচন…

শিৱসাগৰত অসমৰ বিশিষ্ট বুৰঞ্জীবিদ ভুৱন চন্দ্ৰ সন্দিকৈৰ আৱক্ষ মূৰ্তি উন্মোচন…

ডিজিটেল সংবাদ, শিৱসাগৰঃ অসমৰ প্ৰথমগৰাকী চুকাফা বঁটা প্ৰাপক তথা বিশিষ্ট বুৰঞ্জীবিদ ভুৱন চন্দ্ৰ সন্দিকৈৰ স্মৃতি চিৰযুগমীয়া কৰাৰ প্ৰয়াসেৰে আজি জয়সাগৰ শাখা সাহিত্য সভা আৰু পৰিয়ালৰ লোকে বুৰঞ্জীবিদ গৰাকীৰ এটা আৱক্ষ মূৰ্তি উন্মোচন কৰে। শিৱসাগৰৰ জয়সাগৰ উচ্চ মাধ্যমিক বিদ্যালৰ চৌহদত এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত বুৰঞ্জীবিদ গৰাকীৰ সহধৰ্মিনী কল্যানী সন্দিকৈয়ে আৱক্ষয় মূৰ্তিটো উন্মোচন কৰে।

দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰত্নেশ্বৰ দেউৰীয়ে বন্তি প্ৰজ্বলন কৰাৰ পাছতেই আৱক্ষ মূৰ্তিটো পুষ্পাঞ্জলি অৰ্পন কৰে জয়সাগৰ সাহিত্য সভাৰ সভাপতি প্ৰদীপ বৰঠাকুৰ, অৰ্জুন ভোগেশ্বৰ বৰুৱা, শৈলেন চিৰিং, হৰিপ্ৰসাদ বৰুৱা, আলহাজ চফিকুদ্দিন আহমেদ, শিৱসাগৰ দ্বীনি মাদ্ৰাছাৰ প্ৰধান শিক্ষক আতিকুৰ ৰহমান কাচিমীকে ধৰি ভালে সংখ্যক ব্যক্তিয়ে। ইয়াৰ পিছতেই সৰ্ব ধৰ্মীয় প্ৰাৰ্থনাত অংশ গ্ৰহণ কৰে ইছলাম, টাই, সংস্কৃত আৰু বৈষ্ণৱ ধৰ্মী ধৰ্মগুৰুৱে।

যোৰহাটৰ মেলেঙত জন্মগ্ৰহণ কৰা ভুবন চন্দ্ৰ সন্দিকৈয়ে কৰ্মসূত্ৰে শিৱসাগৰৰ জয়সাগৰত স্থায়ীকৈ থাকি অসমৰ পুৰণি কীৰ্তিচিহ্ন সমুহৰ সংৰক্ষণৰ বাবে প্ৰচেষ্টা হাতত লৈছিল। ১৯৩৫ চনত অসম পলিটেকনিক ৰেচিডেন্সিয়েল ইন্সিটিউটৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা সন্দিকৈয়ে উক্ত বছৰতেই কংগ্ৰেছত যোগদান কৰি শিক্ষা, গাওঁ সংগঠক, খাদী, কানি নিবাৰন আদি গঠনমূলক কামৰ দায়িত্ব লৈছিল। ১৯৪২ চনত কংগ্ৰেছ সেৱা দলৰ নায়ক হৈ দ্বিতীয় মহাসমৰত ডিমাপুৰত প্ৰায় তিনিমাহ ধৰি বাৰ্মাৰ পৰা অহা ৰণ ভগনীয়াৰ সেৱা কৰা সন্দিকৈয়ে ১৯৪৪ চনত বেনাৰস বিশ্ববিদ্যালয়ত পলিটেকনিক ইন্সিটিউটৰ পৰীক্ষাৰ্থী সকলৰ পৰিদৰ্শ ৰূপে নিয়োজিত হয়। ১৯৪৭-৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ বাবে শিৱসাগৰত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত সন্দিকৈয়ে প্ৰধান সম্পাদকৰ দায়িত্ব লৈছিল। ১৯৪৮ সন্দিকৈয়ে চনত অসম চৰকাৰৰ জয়সাগৰত স্থাপিত পঞ্চায়ত প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষৰূপে নিযুক্তি লাভ কৰিছিল। ১৯৭৫ চনত অসম ৰাজ্যিক গান্ধী স্মাৰত নিধিৰ সচিব পদত যোগদান কৰে।

ইয়াৰ সমান্তৰালকৈ অসম ৰাজ্যিক টাই গৱেষণা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ব বিভাগ, ৰাজ্যিক সংগ্ৰালয়ৰ উপদেষ্টা হিচাপে দিয়িত্ব পালন কৰা সন্দিকৈয়ে ১৯৭০ চনৰ পৰাই অসম সাহিত্য সভাৰ ধিং অধিৱেশনত বুৰঞ্জী সন্মিলনত সভাপতি হিচাপে নিষ্ঠাৰে সেৱা আগবঢ়ায়। ১৯৯২ চনত ভজোত অনুষ্ঠিত শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰথমজন সভাপতি হিচাপে নিৰ্বাচিত হয়। ৰংপুৰ পাণ্ডা নামৰ গাইড বুকৰ স্ৰষ্টা সন্দিকৈয়ে তেওঁৰ জীৱন কালত অনেক বুৰঞ্জীমূলক গ্ৰন্থ প্ৰবন্ধ লিখি অসমীয়া বুৰঞ্জী সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা এই গৰাকী বুৰঞ্জী প্ৰভাকৰক অসম চৰকাৰে মৰনোত্তৰভাৱে আগবঢ়াইছিল 'চুকাফা শৰাই বঁটা' ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in