‘ইন্টাৰনেচনেল বুক অৱ্ ৰেকৰ্ডছ্’ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল ৰহাৰ ভাস্কৰ প্ৰিয়ম হাজৰিকাই…

‘ইন্টাৰনেচনেল বুক অৱ্ ৰেকৰ্ডছ্’ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল ৰহাৰ ভাস্কৰ প্ৰিয়ম হাজৰিকাই…

ডিজিটেল ডেস্কঃ 'ইন্টাৰনেচনেল বুক অৱ্ ৰেকৰ্ডছ্' ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল ৰহাৰ এজন যুৱকে। ৰহাৰ ভাস্কৰ প্ৰিয়ম হাজৰিকাই ১১ মাৰ্চত আন্তৰ্জাতিক পৰ্যায়ৰ ২৭ টা অনলাইন চাৰ্টিফিকেট পাঠ্যক্ৰম এটা দিনত সমাপ্ত কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, ভাস্কৰে বিশ্ব স্বাস্থ্য সংস্থা, ইউ এন আই চি ই এফ, এ ডি বি আই, ইউ এছ আই পি দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাকে আদি কৰি বিভিন্ন ধৰণৰ 'অনলাইন পৰ্টেল' ৰ পৰা প্ৰমাণ পত্ৰ লাভ কৰিবলৈ সক্ষম হয়। ভাস্কৰ ৰহাৰ নিবাসী কিৰণ চন্দ্ৰ হাজৰিকা আৰু কবিতা হাজৰিকাৰ পুত্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in