শেহতীয়া খবৰ
বিষাক্ত সুৰাৰ হত্যালীলাঃ ১১ খুচুৰা দোকানী গ্ৰেপ্তাৰ, নিষিদ্ধ লালী গুড়, মুক্ত হৈ আছে পাইকাৰী বেপাৰী  •  অসম চুক্তিৰ বিশেষ দফাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ  •  মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ  •  যোৰহাটত বিষাক্ত সুৰা পান কৰি অসুস্থ হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে  •  অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ঝাৰখণ্ডত নক্সালবাদীৰ বিৰুদ্ধে আৰক্ষী-এছএছবিৰ অভিযান  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...

স্বৰ্ণ-অলংকাৰ মই বিচৰা নাই! ‘ভাৰত ৰত্ন’ গ্ৰহণ নকৰে সুধাকণ্ঠৰ পুত্ৰই!

7,351

সুধাকণ্ঠক প্ৰদান কৰা হৈছিল ‘ভাৰত ৰত্ন’। কিন্তু সেই সন্মান গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয় সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই। আমেৰিকাৰ পৰা এই সন্দৰ্ভত কি ক’লে সুধাকণ্ঠৰ একমাত্ৰ পুত্ৰই। মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকা সময়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক নৰেন্দ্ৰ মোডী চৰকাৰে মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। পিছে এই ‘ভাৰত ৰত্ন’ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰিবলৈ অনিচ্ছা ব্যক্ত কৰিছে সুধাকণ্ঠৰ একমাত্ৰ পুত্ৰ তেজ হাজৰিকাই। ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কৰ সাংবাদিকে সুধাকণ্ঠৰ পুত্ৰগৰাকীৰ সৈতে টেলিফোনযোগে কৰা বাৰ্তালাপত আমেৰিকাৰ পৰা তেওঁ এই কথা জনায়। তেজ হাজৰিকাই কয়- অসমৰ সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত মই খবৰ ৰাখিছো। সদায় সংগ্ৰামী জনতাৰ কাষত থকা সুধাকণ্ঠয়ো হয়তো আজিৰ প্ৰেক্ষাপটত এনে সন্মান গ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ নকৰিলে হেতেন। সেয়েহে সুধাকণ্ঠৰ পুত্ৰ হিচাপে ভাৰত চৰকাৰে প্ৰদান কৰা ভাৰত ৰত্ন গ্ৰহণ কৰিবলৈ অনিহা ব্যক্ত কৰে তেজ হাজৰিকাই।

তেওঁ ব্যক্তিগত ভাৱে এই কথা কয় যে- ‘আজিৰ পৰিস্থিতিত মই এইটো কামেই অসমৰ ৰাইজৰ হৈ কৰিব পাৰো। মোৰ মন আৰু বিবেকে কৈছে, এই সময়ত এনে সন্মান গ্ৰহণ কৰাতো উচিত নহ’ব। সুধাকণ্ঠ যিহেতু এক অনুষ্ঠান আছিল, গতিকে তেওঁ এই সন্মানৰ উৰ্ধত।’ এই কথা তেওঁ আনুষ্ঠানিকভাৱে জনালে ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কক।

স্মৰ্তব্য যে, সুধাকণ্ঠক ‘ভাৰত ৰত্ন’ প্ৰদানৰ ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়া অসম ভ্ৰমণ কালত যোৱা ৯ ফেব্ৰুৱাৰীৰ দিনা চাংসাৰিত মন্তব্য কৰিছিল যে- সুধাকণ্ঠই ১০ বছৰ অপেক্ষা কৰিব লগা হ’ল ‘ভাৰত ৰত্ন’ৰ বাবে। কাৰ বাবে অপেক্ষা কৰিব লগা হ’ল সেই কথা জনাই জানে। ইয়াৰ বিপৰীতে সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই কয়- ‘জীৱিত কালতে তেওঁক ভাৰত ৰত্ন প্ৰদান কৰা হ’লে তেওঁ অধিক সন্তুষ্টি লাভ কৰিলে হেতেন। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে অসমৰ জনতাৰ হৃদস্পন্দন স্বৰূপ সুধাকণ্ঠক প্ৰদান কৰা ‘ভাৰত ৰত্ন’ গ্ৰহণ কৰিবলৈ তেওঁৰ পুত্ৰই অনীহা ব্যক্ত কৰাত এতিয়া সমগ্ৰ বিষয়টোক লৈ ব্যাপক চৰ্চাৰ লগতে সুধাকণ্ঠক ভাৰত ৰত্ন প্ৰদানেৰে অসমীয়াৰ হৃদয় জয় কৰিব বিচৰা মোডী চৰকাৰক বাৰুকৈ অশ্বস্তিত পেলোৱাৰ সম্ভাৱনা আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি