মহানগৰীৰ ভৰলুমুখৰ মডাৰ্ণ ইংলিছ হাইস্কুলত শিশু দিৱস উদযাপন…

মহানগৰীৰ ভৰলুমুখৰ মডাৰ্ণ ইংলিছ হাইস্কুলত শিশু দিৱস উদযাপন…

ডিজিটেল সংবাদ, গুৱাহাটী: মহানগৰীৰ ভৰলুমুখত অৱস্থিত মডাৰ্ণ ইংলিছ হাইস্কুলত বৃহস্পতিবাৰে বিভিন্ন কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়৷ অধ্যাপক মোহনকান্ত পাঠকে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে শিশু দিৱসৰ দিনটোৰ তাৎপৰ্য সন্দৰ্ভত বক্তব্য আগবঢ়োৱাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰদৰ্শন কৰে৷

শিশু দিৱসৰ কাৰ্যসূচীত বিদ্যালয়খনৰ অধ্যক্ষ পূৰৱী মেধি আৰু অধ্যাপক মোহনকান্ত পাঠকে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে৷ শিশু দিৱসৰ কাৰ্যসূচীৰ মাজতে বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় বি.এম.বি.বি মহাবিদ্যালয়ৰ প্ৰাধ্যাপিকা ডঃ কাকলি সেন গুপ্তাক ৷

কাৰ্যসূচীত অধ্যাপিকা সাগৰীকা দাস, মিনি মল্ল বুজৰবৰুৱা, মনীষা চক্ৰৱৰ্তী, মধুমিতা চৌধুৰী আৰু মধুমিতা দেৱে নৃত্য পৰিবেশন কৰাৰ লগতে অধ্যাপক পবিত্ৰ কলিতাই নৃত্য আৰু অভিনয় প্ৰদৰ্শন কৰে ৷ অনুষ্ঠানত অধ্যাপক অনুপম দিম্পী গগৈ আৰু অধ্যাপিকা মামণি তালুকদাৰ বৰাই ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী গীত পৰিবেশনৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in