পৰ্যটন মহোৎসৱৰ দ্বিতীয় দিনটোত লোকে-লোকাৰণ্য ভৈৰৱকুণ্ড, দেশী-বিদেশী পৰ্যটকে সোৱাদ ল’লে বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য

পৰ্যটন মহোৎসৱৰ দ্বিতীয় দিনটোত লোকে-লোকাৰণ্য ভৈৰৱকুণ্ড, দেশী-বিদেশী পৰ্যটকে সোৱাদ ল’লে বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য

ডিজিটেল সংবাদ, ওদালগুৰিঃ অসম, অৰুণাচল প্ৰদেশ আৰু পৰৰাষ্ট্ৰ ভূটানৰ ত্ৰিবেণী সঙ্গমস্থলীত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱস্থলীত শুকুৰবাৰে দেখা যায় লোকে লোকাৰণ্য পৰিৱেশ। উদ্বোধনৰ প্ৰথম দিনটোত উপস্থিতি পূৰ্ৱৰ তুলনাত সেৰেঙা আছিল যদিও আজিৰ দ্বিতীয়টো দিনত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ। শুকুৰবাৰৰ পুৱা ১০ বজাত মহোৎসৱস্থলীলৈ এক বিশাল চাইকেল সমদল উলিওৱাৰ সমান্তৰালভাৱে মহোৎসৱৰ আন তিনিটাকৈ স্থানত অনুষ্ঠিত হয় বিভিন্ন কাৰ্যসূচী।

ইয়াৰে ভিতৰত প্ৰথম মণ্ডপত আৰ্ট কেম্প আৰু ফটোগ্ৰাফীৰ কাৰ্যসূচীৰ লগতে ১১:১৫ বজাত জেএফএমচিত অনুষ্ঠিত হয় দুটাকৈ বিষয়ৰ আলোচনা চক্ৰ। ইয়াৰে ভিতৰত প্ৰথম অৰ্দ্ধাংশত "এগ্ৰী ট্যুৰিজিম ফিউচাৰ অৱ্ ইণ্ডিয়ান ট্যুৰিজিম" বিষয়ক আৰু দ্বিতীয় অৰ্দ্ধাংশত "ম'টাভেশ্বনেল চিজন অন্ আনলেছ্ ইয়োৰ হিডেন পটেনচিয়েল" বিষয়ক আলোচনা চক্ৰত বিভিন্ন অঞ্চলৰ পৰা আমন্ত্ৰণক্ৰমে অহা সমল ব্যক্তিসকলে নিজৰ ভাষণ প্ৰদান কৰে। এই আলোচনা চক্ৰত ওদালগুৰি জিলাখনৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ কেইৱা শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

ইয়াৰ সমান্তৰালভাৱে মহোৎসৱৰ দ্বিতীয় মঞ্চত অনুষ্ঠিত হয় পৰম্পৰাগত দলীয় নৃত্য প্ৰতিযোগিতা। ইফালে ১১-৪৫ বজাত মহোৎসৱস্থলীৰ প্ৰথম মঞ্চত অনুষ্ঠিত হয় বহুভাষিক কবি সন্মিলন। উক্ত কবি সন্মিলনৰ মাজতেই উন্মোচন কৰা হয় ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা 'ভৈৰৱকুণ্ড' শীৰ্ষক স্মৃতিগ্ৰন্থখনি। সমান্তৰালভাৱে ভলীবল, মল্লযুজ, মহিলা কাবাডী অনুষ্ঠিত হয় বিভিন্ন মণ্ডপত। আবেলি ৬ বজাত বডি বিল্ডিং আৰু মিষ্টাৰ ভৈৰৱকুণ্ড প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে নিশা ৰক বেণ্ড আডামছ্ এপল কাঠমাণ্ডুৰ লগতে কেইৱাগৰাকীও শিল্পীৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব।

উল্লেখ্য যে, মহোৎসৱ উপলক্ষে অনুষ্ঠিত প্ৰদৰ্শনীস্থলীত দিনৰ ভাগত দেখা যায় ৰাজ্যৰ লগতে দেশ-বিদেশৰ পৰা অহা পৰ্যটক। বিশেষকৈ পৰৰাষ্ট্ৰ ভূটান আৰু সমীপৱৰ্তী অৰুণাচল প্ৰদেশৰ পৰা অহা জনজাতীয় লোকসকলে মহোৎসৱস্থলীৰ পৰিৱেশ উপভোগ কৰাৰ লগতে বিভিন্ন থলুৱা খাদ্যৰ জুতি লোৱা পৰিলক্ষিত হয়। বিশেষকৈ মিচিং লোকসকলৰ দ্বাৰা প্ৰস্তুত কৰা খৰিকাত দিয়া মিচা মাছ, খৰিকাত দিয়া গাহৰি মাংস, কুকুৰা মাংস, পলু পোকৰ লগতে বিভিন্ন জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত পানীয়ৰ সোৱাদ লয় এইসকল পৰ্যটকে।

ইফালে মহোৎসৱস্থলীত থকা হাতী ছাফাৰী, জীপ ছাফাৰীৰ লগতে এটিভি ৰাইডিং তথা পেৰাগ্লাইডিঙৰ অভিজ্ঞতা আহৰণ কৰে মহোৎসৱস্থলীলৈ অহা পৰ্যটকসকলে। ১৮ জানুৱাৰীৰ পুৱা ১০-৩০ বজাত পৰম্পৰাগত ব্যঞ্জন ৰন্ধন প্ৰতিযোগিতা, মহিলাসকলৰ ৰচী টনা খেল প্ৰতিযোগিতা, ১১-৩০ বজাত একক আধুনিক নৃত্য প্ৰতিযোগিতা, ৪ বজাত পৰম্পৰাগত ফেশ্বন শ্ব' আৰু সৌন্দৰ্য প্ৰতিযোগিতা, সন্ধিয়া ৬ বজাত ৰাজ্য আৰু বহিঃৰাজ্যৰ শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। মহোৎসৱৰ আগন্তুক দিনকেইটাত হাজাৰ হাজাৰ লোক সমাগত হোৱাৰ আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in