শেহতীয়া খবৰ
ডিমাপুৰত গুলিয়াই হত্যা কৰা ধেমাজিৰ যুৱক জিতেন গগৈৰ সৎকাৰ কৰিলে পৰিয়ালে...  •  চাকৰিৰ কেলংকাৰী ! আছুই জ্বলালে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি...  •  চাকৰিত কেলেংকাৰী ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি..  •  পঞ্জাৱত ৰে’ল পথত কৃষকৰ ধৰ্ণা, বাতিল ১৪খন ৰেল যাত্ৰা...  •  আইচিইউত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...  •  নাৰায়ণপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ…  •  যিকোনো সময়তে হ'ব পাৰে দিল্লী-এনএছচিএন চুক্তি...  •  জিএমচিএইচৰ কেবিনৰ পৰা কোভিড হাস্পতাললৈ নিয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক...  •  ২৫ ছেপ্টেম্বৰঃ এফালে কৃষক বিদ্ৰোহ, আনফালে দীপিকাক জেৰাৰ বাবে চমন...  •  ওৰাঙত আন্তৰাষ্ট্ৰীয় গাড়ী চোৰ আটক,উদ্ধাৰ বাহন...

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কি ক’লে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই…

9,433

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়ক কেন্দ্ৰীয় কেবিনেটে বুধবাৰে অনুমোদন জনোৱাৰ পাছতে উত্তৰ-পূব তথা অসমৰ প্ৰায় সংখ্যক দল-সংগঠনে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। শেহতীয়াকৈ বিতৰ্কিত এই বিধেয়কখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই। তেওঁ বিধেয়কখনক অতি ভয়ংকৰ আখ্যা দিয়াৰ লগতে এই বিধেয়কখন গৃহিত হ’লে তেওঁৰ গৃহ জিলাতো যথেষ্ট প্ৰভাৱ পৰিব বুলি কয়।

প্ৰাক্তন অধিনায়কগৰাকীয়ে লগতে কয় যে, উত্তৰ-পূবৰ ৰাজ্যসমূহ যিহেতু বাংলাদেশৰ নিচেই কাষত আছে৷ যদিহে এই বিধেয়ক গৃহিত হয় তেন্তে উত্তৰ-পূৰ্বাঞ্চলত যথেষ্ট সমস্যাৰ সৃষ্টি হ’ব৷ ইয়াৰ উপৰি তেওঁ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ ছিকিম ক্ৰান্টিকাৰি মৰ্চা (SKM)-য়ো বিধেয়কখনৰ বিৰোধিতা কৰিব লাগে বুলি মন্তব্য কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি