বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰ-বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ-কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ৫৫ গৰাকী কোভিড আক্ৰান্তক চিনাক্ত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, দুমুনিচকী: কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰৰ কভিড পৰীক্ষা কেন্দ্ৰত শুকুৰবাৰে পুৰুষ-মহিলাকে ধৰি ৫৮ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰা হয়। ইয়াৰ ভিতৰত ১২ গৰাকী লোকৰ পৰীক্ষাৰ প্ৰতিবেদনত কোভিড পজেটিভ বুলি চিনাক্ত হয়।

আক্ৰান্ত সকলক আটাইকেইজনকে কলিতাকুছি মডেল হাস্পতাললৈ প্ৰেৰণ কৰা হোৱা বুলি বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ছবিনচন্দ্ৰ দাসে জানিবলৈ দিয়ে। উল্লেখ্য যে, আজিৰ আক্ৰান্ত সকলৰ ভিতৰত ৭ বছৰ আৰু ৯ বছৰ বয়সৰ কিশোৰ কিশোৰীও থকা বুলি চিকিৎসক গৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে ইয়াৰ উপৰি আজি বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ কোভিড পৰীক্ষা কেন্দ্ৰত পুৰুষ মহিলাকে ধৰি ৮৬ গৰাকী লোকক কোভিড পৰীক্ষা কৰা হয়। ইয়াৰ ভিতৰত ১৪ গৰাকী লোকৰ পৰীক্ষাৰ প্ৰতিবেদনত কোভিড পজেটিভ বুলি চিনাক্ত হয়। আক্ৰান্ত হোৱা ১৪ গৰাকী লোকক চিকিৎসকে হোম আইচুলেছনৰ ব্যৱস্থা কৰা হোৱা বুলি বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক আবু কালামে জানিবলৈ দিয়ে।

ইয়াৰ উপৰি কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কোভিড পৰীক্ষা কেন্দ্ৰত আজি পুৰুষ মহিলাকে ধৰি ১৯৭ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰা হয়। ইয়াৰ ভিতৰত ২৯ গৰাকী লোকৰ পৰীক্ষাৰ প্ৰতিবেদনত কোভিড পজিটিভ বুলি চিনাক্ত কৰা হয়। চিকিৎসকে আক্ৰান্ত সকলৰ পৰা চাৰি গৰাকীক কলিতাকুছি মডেল হাস্পতালত আৰু তিনি গৰাকীক পতাঞ্জলি কভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰে।

বাকী থকা ২২ গৰাকী লোকক হোম আইচ'লেচনৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, বৃহস্পতিবাৰে বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰৰ কভিড পৰীক্ষা কেন্দ্ৰত ৬২ গৰাকীক পৰীক্ষা কৰা হয়। তাৰ ভিতৰত এগৰাকী চাৰি বছৰীয়া শিশু সহ ১৩ গৰাকী কভিড পজিটিভ বুলি চিনাক্ত হয়।

ইফালে বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ৫১ গৰাকীক কোভিড পৰীক্ষা কৰাৰ ভিতৰত ৯ গৰাকী লোকৰ প্ৰতিবেদনত কোভিড পজেটিভ বুলি চিনাক্ত কৰা হয়। ইয়াৰ উপৰি কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ কোভিড পৰীক্ষা কেন্দ্ৰত ১২১ গৰাকীক পৰীক্ষা কৰাত ১৯ গৰাকী কোভিড পজিটিভ বুলি চিনাক্ত কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in