বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰত চাৰি বছৰীয়া শিশুসহ ১৩ গৰাকী কোভিড পজিটিভ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, দুমুনিচকী: কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰৰ কোভিড পৰীক্ষা কেন্দ্ৰত বৃহস্পতিবাৰে পুৰুষ, মহিলাকে ধৰি ৬২ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰা হয়। ইয়াৰ ভিতৰত ১৩ গৰাকী লোকৰ পৰীক্ষাৰ প্ৰতিবেদনত কোভিড পজিটিভ বুলি চিনাক্ত হয়।

আক্ৰান্ত সকলৰ মাজৰ তিনি গৰাকীক কলিতাকুছি মডেল হাস্পতাললৈ প্ৰেৰণ কৰি বাকী সকলক চিকিৎসকে হোম আইছ'লেচনৰ ব্যৱস্থা কৰা বুলি বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ছবিনচন্দ্ৰ দাসে জানিবলৈ দিয়ে।

উল্লেখ্য যে, বৃহস্পতিবাৰে ১৩ গৰাকী কোভিড আক্ৰান্তৰ ভিতৰত আল্টা গাঁৱৰ এটা চাৰি বছৰীয়া শিশুও আছে বুলি জানিবলৈ দিয়ে। আনহাতে, ইয়াৰ উপৰি আজি বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ কোভিড পৰীক্ষা কেন্দ্ৰত পুৰুষ-মহিলাকে ধৰি ৫১ গৰাকী লোকক কোভিড পৰীক্ষা কৰা হয়। ইয়াৰ ভিতৰত ৯ গৰাকী লোকৰ পৰীক্ষাৰ প্ৰতিবেদনত কোভিড পজিটিভ বুলি চিনাক্ত হয়।

আক্ৰান্ত হোৱা ৯ গৰাকী লোকক চিকিৎসকে হোম আইছ'লেচনৰ ব্যৱস্থা কৰা হোৱা বুলি বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক আবু কালামে জানিবলৈ দিয়ে। ইয়াৰ উপৰি কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বৃহস্পতিবাৰে পুৰুষ মহিলাকে ধৰি ১২১ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰা হয়।

ইয়াৰ ভিতৰত পুৰুষ মহিলাকে ধৰি ১৯ গৰাকীৰ পৰীক্ষাৰ প্ৰতিবেদনত কোভিড পজিটিভ বুলি চিনাক্ত হয়। চিকিৎসকে আক্ৰান্ত আটাইকেইজনক লোকক হোম আইছ'লেচনৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, বুধবাৰে বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰৰ কভিড পৰীক্ষা কেন্দ্ৰত ৬২ গৰাকীক পৰীক্ষা কৰা হয়। তাৰ ভিতৰত ১০ গৰাকী আৰু বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ৭৬ গৰাকীক কোভিড পৰীক্ষা কৰাৰ ভিতৰত ১১ গৰাকী লোকৰ প্ৰতিবেদনত কোভিড পজিটিভ বুলি চিনাক্ত কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in