নগাঁৱৰ জাৰামাৰীত বোৱাৰী হত্যাৰ অভিযোগ, আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ, আৰক্ষীৰ জালত স্বামী আনছাৰুল ইছলাম

নগাঁৱৰ জাৰামাৰীত বোৱাৰী হত্যাৰ অভিযোগ, আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ, আৰক্ষীৰ জালত স্বামী আনছাৰুল ইছলাম

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাওঁ জিলাৰ জাৰামাৰীচৰত এগৰাকী বোৱাৰীক পৰিকল্পিত ভাবে হত্যা কৰাৰ অভিযোগে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত বোৱাৰী গৰাকীৰ নাম জাহানাৰা বেগম বুলি জানিব পৰা গৈছে। বটদ্ৰৱা অঞ্চলৰ ভেৰভেৰীৰ বোৱাৰী গৰাকী চাৰি বছৰ পূর্বে ধিঙৰ জাৰামাৰীচৰৰ আনছাৰুল ইছলামৰ লগত সামাজিক ভাবে বিবাহ পাশত আবদ্ধ হৈছিল। কিন্তু বোৱাৰী গৰাকীৰ কোনো সন্তান হোৱা নাছিল।

সেয়াই দোষ আছিল বোৱাৰীগৰাকীৰ। যাৰ বাবেই স্বামী আৰু পৰিয়ালৰ লোকে বোৱাৰীগৰাকীৰ ওপৰত প্ৰায়েই চলাইছিল শাৰীৰিক আৰু মানসিক নির্যাতন। এনে অকথ্য নিৰ্যাতনে চৰম পৰ্যায়ৰ ৰূপলৈ লৈ যোৱাত শনিবাৰে নিশা স্বামীয়ে পৰিকল্পিত ভাবে বোৱাৰী গৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ ঘটনা পোহৰলৈ আহে। বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে দিয়া অভিযোগ মতে স্বামী আনাছাৰুলে হত্যা কৰি নিশাই কেৰালালৈ যোৱাৰ যোজা চলাইছিল।

মৃত জাহান্নাৰা বেগমৰ শৰীৰত আঘাতৰ চিনলৈ লক্ষ্য কৰি বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে স্বামী আনছাৰুল ইছলামৰ সৈতে মিলি হত্যা কৰি পৰবৰ্তী সময়ত বোৱাৰী গৰাকীক আত্মহত্যাৰ এক নাটক ৰচনা কৰিছিল বুলি অভিযোগ উত্থাপন কৰে। মহিলা গৰাকীৰ মৃতদেহ সোমবাৰে নিজ পিতৃ গৃহ বটদ্ৰৱাৰ ভেৰভেৰি আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।

পিতৃৰ লগতে পৰিয়ালৰ লোকে সাংবাদিকক জানিবলৈ দিয়ে যে, প্ৰকৃতাৰ্থত জাহান্নাৰা বেগমে আত্মহত্যা কৰা নাছিল। এইয়া এক গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিলে। ইয়াৰ উচিত তদন্ত হ'ব লাগে। ঘটনা সন্দৰ্ভত মহিলা গৰাকীৰ পিতৃয়ে ডুমডুমীয়া উপ আৰক্ষী চকীত দাখিল কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে আনছাৰুলক আটক কৰি জেৰা অব্যাহত ৰাখিছে।জাহান্নাৰাৰ মৃত্যুৰ ঘটণা প্ৰকৃততে হত্যা নে আত্মহত্যা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব, উন্মোচিত হ'ব ইয়াৰ ৰহস্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in