শেহতীয়া খবৰ
নুমলীগড়ৰ দেওপাহাৰৰ সমীপত পথ দুৰ্ঘটনা...  •  দিল্লীত উত্তপ্ত পৰিস্থিতি! টুইটাৰযোগে উপ ৰাজ্যপাল-গৃহমন্ত্ৰীক আহ্বান কেজৰিৱালৰ...  •  লামডিঙত অব্যাহত চুপাৰি ভৰ্তি ট্ৰাকৰ দৌৰাত্ম... VIDEO  •  অৱশেষত কংগ্ৰেছত যোগদান এসময়ৰ বিজেপিৰ বহুবল্কী সাংসদ আৰ পি শৰ্মাৰ...  •  'কা' বিৰোধী প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি মৃত্যু আৰক্ষীৰ হেড কণিষ্টবলৰ...  •  ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান সম্পন্ন, দোষী সাব্যস্ত ১২ জনক...  •  মৃত্যু হ’ল উমানন্দত থকা একমাত্ৰ সোণালী বান্দৰটোৰ...  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  আহমেদাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আদৰণি জনাই কি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...

এশ গৰু মাৰিলে বাঘৰো মৰণ! বটদ্ৰৱাত আটক হ’ল দুই ছাগলী চোৰ

69

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বৃহত্তৰ বটদ্ৰৱা অঞ্চলত ৰাস্তাৰ কাষৰ পৰা চোৰে বহু কৃষকৰ গৰু ছাগলী লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তেই বটদ্ৰৱাৰ ভোমোৰাগুৰি লালুংগাঁৱৰ ৰাইজে বুধবাৰে আটক কৰে দুটা ছাগলী চোৰক। সাধন দাস আৰু পাপুমনি নাথ নামৰ চোৰ দুটাই বুধবাৰে লালুংগাঁৱৰ পৰা দুটা ছাগলী চোৰ কৰি এএছ-০২-এচি-৩৪৯১ নম্বৰৰ এখন টেম্প’ত ভৰাই লৈ যাবলৈ ধৰিছিল। ঠিক সেই সময়তে টেম্প’খনৰ যান্ত্ৰিক বিজুতি হয়।

লগে লগে স্থানীয় ৰাইজে গম পাই ছাগলীসহ হাতে-লুটে ধৰি চোৰ দুটাক বটদ্ৰৱা আৰক্ষীক চমজাই দিয়ে। চোৰ দুটাৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষীয়ে ৩৭৯, ৫১১ ধাৰাত ২৫৮/১৯ নম্বৰৰ গোচৰ ৰুজু কৰি চোৰ দুটাক জেল হাজোতলৈ প্ৰেৰণ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি