দশা বেয়া আছিল, দিন দুপৰতে লুট চলাই ধৰা পৰিল ৰাজ, ৰাইজে হাত দুখন বান্ধি দিলে এশিকনি, VIDEO

দশা বেয়া আছিল, দিন দুপৰতে লুট চলাই ধৰা পৰিল ৰাজ, ৰাইজে হাত দুখন বান্ধি দিলে এশিকনি, VIDEO

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাওঁ আৰু মৰিগাঁৱৰ মধ্যবৰ্তী জাজৰীৰ সমীপৰ বেলতলত মঙলবাৰে দিন দুপৰতে সংঘটিত হয় এক চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ বেলতলৰ বৰিগাওঁ নিবাসী দীপক বৰা নামৰ লোক জনৰ ঘৰত চোৰে লুটপাত চলাই।

কিছু সময়ৰ পিছতে ঘৰৰ গৰাকী উপস্থিত হৈ ঘটনা প্ৰতক্ষ কৰে আৰু বৰিবজাৰ আৰক্ষীক অৱগত কৰে। পিছত স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত চোৰটো কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

আৰক্ষী আৰু ৰাইজৰ জেৰাত চোৰটোৱে চুৰ কৰা কথা স্বীকাৰ কৰে। চোৰটো জাজৰিৰ গুলেষ্টান পট্টিৰ ইমৰান আলি উৰফে ৰাজ বুলি জানিব পৰা গৈছে।

অৱশ্যে আৰক্ষীৰ নেৰানেপেৰা জেৰাত চুৰি অলংকাৰখিনি এজন লোকক বিক্ৰী কৰাৰ কথা অবগত কৰে গভাইত চোৰটোয়ে৷ ধৃত চোৰটো পূৰ্বেও বহুকেইটা অপৰাধজনীত ঘটনাৰ লগত জড়িত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in