শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক জন্ম জয়ন্তীৰ সন্ধিয়া সহস্ৰাধিক প্রদীপৰ আলোকত আলোকময় বটদ্ৰৱা…

শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক জন্ম জয়ন্তীৰ সন্ধিয়া সহস্ৰাধিক প্রদীপৰ আলোকত আলোকময় বটদ্ৰৱা…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক জন্ম য়ন্তীৰ সন্ধিয়া হাজাৰ হাজাৰ প্রদীপৰ আলোকত আলোকময় পৰিবেশত দৃষ্টিনন্দন হৈ পৰিল বটদ্ৰৱা থান। বটদ্ৰৱা থানৰ প্ৰবেশ দ্বাৰকে আদি কৰি বিভিন্ন স্থানৰ লগতে সত্ৰৰ প্ৰতিটো পদূলিত জ্বলি উঠা বন্তিৰ পোহৰত এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয়।

ভক্ত বৈষ্ণব সকলে হৰি নাম কীৰ্ত্তন কৰি ভক্তি ৰসত নিমজ্জিত হৈ একাকাৰ হৈ পৰিল। সম্পূৰ্ণ সাত্ত্বিক তথা আধ্যাত্মিক পৰিবেশৰ সূচনা কৰি এনেদৰে বটদ্ৰৱাত উদযাপন কৰা হয় গুৰুজনাৰ জন্ম জয়ন্তী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in