বটদ্ৰৱাত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ফেডাৰেচন অসম আৰু অসম মজুৰি শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদী সমদল

বটদ্ৰৱাত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ফেডাৰেচন অসম আৰু অসম মজুৰি শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদী সমদল

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দৰং জিলাৰ বুঢ়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাক যাৱজ্জীৱন কাৰাদণ্ডৰ দাবী তুলি শনিবাৰে বটদ্ৰৱাত এক প্ৰতিবাদী সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰে সংখ্যালঘু গণতান্ত্ৰিক যুৱ ফেডাৰেচন অসম আৰু অসম মজুৰি শ্ৰমিক ইউনিয়নে। সংখ্যালঘু গণতান্ত্ৰিক যুৱ ফেডাৰেচন অসমৰ নগাঁও জিলা সমিতিৰ উদ্যোগত উলিওৱা প্ৰতিবাদী সমদলত অংশ গ্ৰহণ কৰি ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আশ্বাদুল হক চৌধুৰীয়ে কয় যে, বৰ্তমান বিজেপি চৰকাৰে নাৰীক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে।

লগতে তেওঁ কয়, নাৰী সুৰক্ষাৰ বাবে নতুন আইন প্ৰণয়ন কৰিব লাগে। দৰং জিলাৰ বুঢ়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই মানৱ অধিকাৰ ভংগ কৰিছে। তিনি গৰাকী মহিলাৰ ওপৰত চলোৱা অত্যাচাৰৰ ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো লগতে মহেন্দ্ৰ শৰ্মাক অনতি পলমে গ্ৰেপ্তাৰ কৰি যাৱজ্জীৱন কাৰাদণ্ড দিবলৈ দাবী জনাইছো।

অসম মজুৰি শ্ৰমিক ইউনিয়নৰ সাধাৰণ সম্পাদক মৃনাল ক্ৰান্তি সোম, জিলা সভাপতি মোচাব্বিৰ আলম, সংখ্যালঘু গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ নগাঁও জিলা সভাপতি আনচাৰুল হকৰ লগতে প্ৰতিবাদী সমদলত প্ৰায় দুই শতাধিক পুৰুষ মহিলাই অংশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in