নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বটদ্ৰৱা আছুৰ বাইক ৰেলী, VIDEO

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বটদ্ৰৱা আছুৰ বাইক ৰেলী, VIDEO

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্যবাসীৰ প্ৰৱল বাধা আৰু প্ৰতিবাদ স্বত্বেও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলৈ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ প্ৰতিবাদত দেওবাৰে বটদ্ৰৱা, ৰাইডঙীয়া, আৰু হাটিচোং আঞ্চলিক ছাত্ৰ সন্থাই বটদ্ৰৱা সমষ্টিৰ জাজৰিৰ পৰা উলিয়ায় প্ৰতিবাদী সমদল৷

জয় আই অসম, আমি কেব নামানো, হিমন্ত বিশ্ব শর্মা হায় হায়, বিজেপি গ' বেগ আদি শ্লোগানেৰে বটদ্ৰৱাৰ ৰাজপথ কপাই তোলে ছাত্ৰ সন্থাৰ নেতা কৰ্মীয়ে৷

জাতি, মাটি, ভেটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আছুৱে।

প্ৰতিবাদী বাইক ৰেলী হাতিচোং আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি, জাজৰি, হাতিচোং, ৰাইডঙীয়া হৈ বটদ্ৰৱা থানৰ সমীপত শেষ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in