দুশ বছৰীয়া পৰম্পৰাক সাৰোগত কৰি বটদ্ৰৱা নৰোৱা সত্ৰৰ গৰখীয়া সবাহ

দুশ বছৰীয়া পৰম্পৰাক সাৰোগত কৰি বটদ্ৰৱা নৰোৱা সত্ৰৰ গৰখীয়া সবাহ


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা নৰোৱা সত্ৰৰ গৰখীয়া সবাহ অনুষ্ঠানটি বুধবাৰে দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। দুশ বছৰীয়া পৰম্পৰাক সাৰোগত কৰি অনুষ্ঠিত গৰখীয়া সবাহ উপলক্ষে যোৱা ২, ৩ আৰু ৪ জুনৰ প্ৰতি সন্ধিয়া নৰোৱা সত্ৰৰ ভকত বৈষ্ণৱসকল সমবেত হৈ নাম কীৰ্তন কৰি সমগ্ৰ সত্ৰ পদক্ষিন কৰে।

নৰোৱা সত্ৰৰ দৌলৰ আলিত অনুষ্ঠিত গৰখীয়া সবাহৰ বুধবাৰে পুৱা ভকত বৈষ্ণৱ সকলে গাই বাই কীৰ্তনঘৰ পৰা গোসাইঁ আনি প্ৰতিষ্ঠা কৰাৰ পিছত আইসকলৰ নাম, খোল প্রসংগ আৰু দুপৰীয়া নাম কীৰ্তন অনুষ্ঠিত হয়।

দুপৰীয়া কীৰ্ত্তনত 'ৰাম কহ', 'মধু ৰিপু ৰাম' শীৰ্ষক কীৰ্ত্তন পৰিবেশন কৰা হয়। বটদ্ৰৱা শলগুৰি আৰু নৰোৱা সত্ৰৰ ভকত বৈষ্ণৱৰ উপস্থিতিত অনুষ্ঠিত গৰখীয়া সবাহৰ অন্তত ভোগ আৰু প্ৰসাদ বিতৰণ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in