বটদ্ৰৱাত মানসিক ৰোগীক গুৰুলাগুৰুলকৈ প্ৰহাৰ মাছৰ ব্যৱসায়ীৰ…

বটদ্ৰৱাত মানসিক ৰোগীক গুৰুলাগুৰুলকৈ প্ৰহাৰ মাছৰ ব্যৱসায়ীৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যি সময়ত অপৰাধ মুক্ত নগাওঁ জিলা গঢ়াৰ সপোন দেখিছে সেই সময়তে জিলাখনৰ পশ্চিম অঞ্চলত আৰক্ষীৰ সন্মুখতে একাংশই ঘটাইছে অপৰাধ। বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভেটিয়ণী গাঁৱৰ অভিজিৎ বৰা নামৰ লোকজনক শনিবাৰে শান্তিজান বজাৰৰ সন্মুখৰ ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানৰ প্ৰৱেশদ্বাৰৰ কাষত গাতে লাগি থকা মাছৰ পাইকাৰী কাটাত সোমাই মাছ কিনিবলৈ যাওঁতে একাংশ দুৰ্বৃত্তই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি মূমূৰ্ষ অৱস্থাত পেলাই থৈ যায়। বটদ্ৰৱা থানৰ প্ৰৱেশ দ্বাৰতে গুৰুলা গুৰুলকৈ প্ৰহৃত হৈছে খিলঞ্জীয়া লোকজন। ৰহস্যযজনক ভাবে পুৱাতে সংংঘটি ঘটনাৰাজী বটদ্ৰৱাৰ সামাজিক জীৱনৰ লগত জড়িত এজন লোকে স্বচক্ষে প্ৰত্যক্ষ কৰিছিল যদিও নিজৰ সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত চকু মুদা কুলিৰ ভাও ধৰি থকা বুলি অভিযোগ তুলিছে স্থানীয় লোকে।

আনহাতে, ঘটনাৰ বিষয়ে জানিব পাৰি পিছত পৰিয়ালৰ লোকে দুৰ্বৃত্তই প্ৰহাৰ কৰি পেলাই থৈ যোৱা অৱস্থাৰ পৰা অভিজিতক উদ্ধাৰ কৰি নগাওঁৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। দৰিদ্ৰ পৰিয়ালৰ অভিজিত বৰা নামৰ যুৱকজনে বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে। ভৰি আৰু মূৰত গুৰুতৰভাৱে আঘাট পোৱা লোকজনক সম্প্ৰতি উন্নত চিকিৎসাৰ প্ৰয়োজন বুলিও জানিব পৰা গৈছে । ঘটণা সন্দৰ্ভত অভিজিতৰ পত্নী পল্লবী বৰাই যোৱাকালি বটদ্ৰৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে এজাহাৰৰ ওপৰত ভিত্তি কৰি ১৫৪/ ২০২১ ধাৰাত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও ৰহস্যজনক কাৰণত ঘটণাৰ লগত জড়িত কোনো অপৰাধীক আৰক্ষীয়ে এই বাতৰি লিখাৰ সময়লৈ আটক কৰিবলৈ সক্ষম হোৱা নাই।

অভিযোগ মতে মানসিক আৰু স্নায়বিক ৰোগত আক্ৰান্ত অভিজিত বৰাক প্ৰহাৰ কাৰী দলটোৱে তেওঁৰ হাতত থকা ৮৬৩৮২১৪৯০২ নম্বৰৰ ভ্ৰাম্যভাষ ফোনটোৰ লগতে হাতত থকা একহাজাৰ মান টকাও কাঢ়ি নিয়ে। আনহাতে স্থানীয় এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোকক বিনা অপৰাধত গুৰুলা গুৰুলকৈ মাৰধৰ কৰা এই ঘটনাই গুৰুজনাৰ জন্মস্থান খ্যাত বৃহৎ অঞ্চলটোত শেহতীয়াকৈ চেপা উত্তেজনাৰ সৃষ্টি কৰিছে। লগতে বটদ্ৰৱা আৰক্ষীৰ চকুৰ সন্মুখত লকডাউনৰ কোনো নীতি-নিৰ্দেশনা পালন নকৰাকৈ পুৱা ৪ বজাৰ পৰা সন্ধীয়া ৬ বজালৈ চলাই থকা মাছৰ অবৈধ ব্যৱসায়ক লৈ আৰক্ষী প্ৰশাসন মৌনব্ৰতী হৈ থকা কথাটোৱেও সৰ্বসাধাৰণ ৰাইজক ভবাই তোলিছে। তদুপৰি বটদ্ৰৱা থানৰ প্ৰৱেশদ্বাৰৰ সন্মুখত জধে মধে অবৈধভাৱে গঢ়ি তোলা এই পাইকাৰী বৃহৎ মাছৰ বজাৰ খনে অঞ্চলটোৰ পাৰিপাশ্বিকতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়েও বটদ্ৰৱাত প্ৰচলিত মদ, ভাং আৰু জুৱাকে ধৰি বহুকেইটা অপৰাধী কাৰ্য্যকলাপৰ কেন্দ্ৰস্থান শান্তিজান বজাৰৰ সন্মুখৰ এই অবৈধ মাছৰ বজাৰখন বন্ধ কৰাৰ দাবী সময়ে সময়ে জনাই আহিছে যদিও ৰহস্যজনকভাৱে আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটোৱে স্থানীয় ৰাইজৰ মাজত আৰক্ষীৰ ভাবমূৰ্তি ম্লান কৰি আহিছে বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে। আনহাতেদি বটদ্ৰৱা ভেটিয়ণীৰ নিৰীহ নিৰপৰাধী যুৱক অভিজিত বৰাক প্ৰহাৰকাৰী অপৰাধী দুৰ্বৃত্তক ৪৮ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে নগাওঁৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰা হ'ব বুলিও স্থানীয় সচেতন যুুৱ সমাজে মত প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in