নৱ প্ৰজন্মক শাৰীৰিক আৰু মানসিকভাৱে সবল কৰাৰ লক্ষ্যৰে বটদ্ৰৱাত কাৰাটেৰ বিশেষ প্ৰশিক্ষণ কৰ্মশালা…

নৱ প্ৰজন্মক শাৰীৰিক আৰু মানসিকভাৱে সবল কৰাৰ লক্ষ্যৰে বটদ্ৰৱাত কাৰাটেৰ বিশেষ প্ৰশিক্ষণ কৰ্মশালা…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সদ্য সমাপ্ত টকিঅ অলিম্পিকত এক নতুন ইভেণ্ট হিচাপে অন্তৰ্ভুক্ত হৈছে কাৰাটে। যাৰ বাবে কাৰাটেৰ প্ৰতি আকৰ্ষিত হৈছে নৱ প্ৰজন্ম। ইফালে, সমাজত বৃদ্ধি পোৱা নাৰী নিৰ্যাতনৰ পৰিপেক্ষিতত আত্মৰক্ষাৰ কৌশল (Self defense) হিচাপে যুৱতী-কিশোৰী সকল উলাই আহিছে সমৰ কলা শিকিবলৈ। চহৰ অঞ্চলৰ লগতে এটিয়া গ্ৰাম্যাঞ্চলটো আৰম্ভ হৈছে জনপ্ৰিয় সমৰ কলা 'কাৰাটে' প্ৰশিক্ষণ। নগাঁৱৰ বটদ্ৰৱাত কনকন শিশুৰ পৰা কিশোৰী, যুৱতী সকলোৱে মিলি আৰম্ভ কৰিছে' কাৰাটে' সমৰ কলাৰ প্ৰশিক্ষণ।

দীৰ্ঘদিন ধৰি চৰকাৰী SOP মানি বন্ধ হৈ থকা বিভিন্ন ক্ৰীড়া প্ৰশিক্ষণ লাহে লাহে আৰম্ভ হোৱাৰ পাছত বটদ্ৰৱাত আৰম্ভ হৈছে কাৰাটে ড' প্ৰশিক্ষণ। নগাঁও মাৱাটেকা চিটৰিঅ কাৰাটে ড' এছচিয়েছনৰ উদ্যোগত বটদ্ৰৱা, ৰাইডঙীয়া আদি অঞ্চলৰ শিশু, যুৱতী, কিশোৰী সকলে চলাইছে কাৰেটে ড' প্ৰশিক্ষণ। স্বৰ্ণ কন্যা হিমা দাস আৰু অলিম্পিক মেডেল জয়ী লাভলীনা বৰগোঁহাইক প্ৰেৰনা হিচাপে লৈ ভবিষ্যতে তেওলোকৰ দৰে ক্ৰীড়া ক্ষেত্ৰত নিজকে উজ্বলাই তুলিবলৈ প্ৰয়াস আৰম্ভ কৰিছে। চেনচেই ৰিকু কটকীয়ে পৰিচালনা কৰা প্ৰশিক্ষণ কৰ্মশালাত কাৰাটেৰ বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে অসম ৰাজ্যিক মাৱাটেকা চিটৰিঅ মূখ্য প্ৰশিক্ষক কিউছী চম্পক ডেকা আৰু কিউছী জীতেন চৌধুৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in