দেশত লাগে কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন, প্রধানমন্ত্ৰীলৈ বটদ্ৰৱাৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ জনসংখ্যা সমাধান ফাউণ্ডেচনৰ…

দেশত লাগে কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন, প্রধানমন্ত্ৰীলৈ বটদ্ৰৱাৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ জনসংখ্যা সমাধান ফাউণ্ডেচনৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বিশ্বৰ বাবে এক ডাঙৰ সমস্যা হৈ পৰিছে জনসংখ্যা। তৃতীয় বিশ্ব আৰু উন্নয়নশীল দেশসমূহত জনসংখ্যা বৃদ্ধি এতিয়া প্রধান সমস্যা। সেয়েহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বৈকুন্ঠ ব্ৰটদৱাৰ পবিত্ৰ ভূমিৰ পৰা এই সন্দৰ্ভত এক নীতি প্ৰয়োগ কৰাৰ অৰ্থে আহ্বান জনাই জনসংখ্যা সমাধান ফাউণ্ডেচনে প্রধানমন্ত্ৰীলৈ আহ্বান জনাইছে।

২০১৭চনত স্থাপন কৰা জনসংখ্যা সমাধান ফাউণ্ডেচনৰ উদ্দেশ্য আৰু দাবী হ'ল- দুটি সন্তান নীতি নিৰ্ধাৰণ কৰি এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা। ইয়াৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰু এক জন আন্দোলন গঢ়ি তোলাৰ লক্ষ্যৰে এই ফাউণ্ডেচনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাম কৰি আছে।

১৪ আগষ্ট অৰ্থাৎ শুকুৰবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনসংখ্যা সমাধান ফাউণ্ডেচনে কয় যে, এটা দশকৰ ভিতৰত চীনক অতিক্ৰমী বিশ্বৰ আটাইতকৈ জনবহুল দেশ হ'বলৈ গৈ আছে। ক্ৰমহ্ৰাসমান সম্পদ আৰু কোভিড-১৯ মহামাৰীয়ে কঢ়িয়াই অনা বৈশ্বিক আৰ্থিক মন্দাৱস্থা তথা দৰিদ্ৰতা নিৰ্মূলকৰণৰ বোজাৰ পৰিপ্ৰেক্ষিতত দেশৰ ১৩৭ কোটি জনতাৰ দায়িত্ব লোৱাই ৰাষ্ট্ৰৰ বাবে সমস্যা হৈ দেখাঁ দিছে।

লগতে বিজ্ঞপ্তিত উল্লেখ কৰিছে- জনসংখ্যা বিস্ফোৰণৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনি নিৰ্মাণ,অত্যাধুনিক সেনা বাহিনী,বৈশ্বিক প্ৰতিযোগী কুশল কৰ্মশক্তি,আধুনিক আৰু সৰ্বস্পৰ্শী স্বাস্হ্য সেৱাৰ বাবে অৱশ্যকীয় সম্পদৰ ওপৰত অত্যাধিক চাপ পৰিছে। এই বৰ্ধিত জনসংখ্যাই ৰাষ্ট্ৰনিৰ্মাণ  কাৰ্যৰ বাবে আয়ৰ স্ৰোত হোৱাৰ সলনি দেশৰ বহু অংশত সামাজিক অস্থিৰতাৰ কাৰণ হৈ ক্ষয়ৰোগৰ সৃষ্টি কৰিছে।

সেয়েহে বৰ্ত্তমান ৰাষ্ট্ৰ সন্মোখত কঠোৰ দুটি সন্তান নীতি বলবৎ কৰা বাহিৰে আন বিকল্প নাই বুলিও কয় ফাউণ্ডেচনটোৱে।  যোৱা ১১ জুলাই তাৰিখে বিশ্ব জনসংখ্যা  দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে অসমৰ ১২৬ খন জিলাৰ পৰা জিলা অধিকাৰীৰ জৰিয়তে দেশৰ মাননীয় প্ৰধানমন্ত্ৰীলৈ এক কঠোৰ  জনসংখ্যা  নিয়ন্ত্ৰণ আইনৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে।

এই সৰ্ম্পকত দেশৰ ৫১ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা স্বাক্ষৰিত এক পত্ৰও মাননীয় প্ৰধান মন্ত্ৰীলৈ যোৱা ১৭ জুলাই তাৰিখে প্ৰেৰণ কৰা হয়। কভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা বাধ্যবাধকতাৰ বাবে বহু জিলাৰ পৰা স্মাৰক প্ৰেৰণ কৰা সম্ভব নহ'ল। আজি ১৪ আগষ্ট  তাৰিখে জনসংখ্যা ফাউণ্ডেচন অসম শাখা উদ্যোগত নগাওঁ জিলাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মভুমি পবিত্ৰ বটদ্ৰৱাৰ পৰা মাননীয় প্ৰধান মন্ত্ৰী, মাননীয় গৃহমন্ত্ৰী, শ্ৰী গিৰিৰাজ সিং (কেন্দ্ৰীয় মন্ত্ৰী, মৎস্য,পশু আৰু দুগ্ধউৎপাদন বিভাগ )শ্ৰী জে পি নড্ডা (অধ্যক্ষ ,ভাৰতীয় জনতা পাৰ্টি) আৰু মাননীয় কেন্দ্ৰীয় আইন মন্ত্ৰীলৈ সংসদত আগন্ত্তক অধিবেশনতে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন উণ্থাপন কৰি বলবৎ কৰিবলৈ দাবী জনাই পত্ৰ প্ৰেৰণ কৰিছে ।

অসমবাসী ৰাইজৰ হৈ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মভুমি, দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱাৰ পবিত্ৰ ভুমিৰ পৰা দিল্লীলৈ এক বাৰ্ত্তা প্ৰেৰণ কৰিব বিছাৰিছোঁ বুলি উল্লেখ কৰে কল্যান কলিতা, পলাস বৰা, পাৰ্থ প্ৰতিম বৰা, জগদীশ নাথ, শৰৎ গোস্বামীয়ে।

বৃহত্তৰ অসমীয়া জাতি-জনগোষ্ঠীক সৰ্বতোপ্ৰকাৰৰ সুৰক্ষা দিয়াৰ লগতে উঠি অহা প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এখন সুন্দৰ অসম গঢ় দিয়াৰ সংকল্পৰে সমূহ অসমবাসীক জনসংখ্যা নিয়ন্ত্ৰন আইনৰ পক্ষত সমস্বৰে মাত দিয়াটো এতিয়া সময়ৰ আহ্বান আৰু সকলোৱে পৰিবেশ পৰিস্থিতি অনুধাৱন কৰি এই আইনৰ পক্ষত থিয় দিওঁ  আহক ৷ লগতে জনসংখ্যা সমাধান ফাউণ্ডেচনে আশা কৰে যে, এইবাৰ স্বাধীনতা দিৱসৰ ভাষণত দেশৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা দেশবাসীক এই সন্দৰ্ভত আশ্বস্ত কৰিব। আগন্তুক দিনত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে এই আইনৰ বাবে জনসাধাৰণৰ সমৰ্থন বিচাৰি বিভিন্ন চেমিনাৰ,ৰাজহুৱা অনুষ্ঠান আৰু সজাগতা আভিযান চলাব বুলি উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in