বহিঃৰাজ্যত মৃত্যু এজন অসমীয়া যুৱকৰ…

বহিঃৰাজ্যত মৃত্যু এজন অসমীয়া যুৱকৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দেশত চলি থকা লকডাউনৰ বাবে স্তব্ধ জনজীৱন। পেটৰ তাড়নাত বহিঃৰাজ্যত কৰ্মৰত যুৱক সকলৰ অৱস্থা অতি শোচনীয়। আহিম বুলিও আহিব নোৱাৰে জন্মভূমিলৈ। মন গ'লেও চাব নোৱাৰে আপোন জনক। অভাৱে কোঙা কৰা এটি দৰিদ্ৰ পৰিয়ালৰ যুৱক ছাইদুল ইছলামৰ পুত্ৰ মোজাম্মিল হক (২১)। ঘৰ নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত ধনীয়াভেটিত। প্ৰায় তিনিবছৰ ধৰি কৰ্মৰত হৈ আছিল চেন্নাইত।

লক ডাউনৰ মাজতেই আক্ৰান্ত হৈ পৰিল বৃক্ক ৰোগত। টকাৰ অভাৱত কৰিব নোৱাৰিলে উন্নত চিকিৎসা। অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি পৃথিৱীৰ পৰা মেলানি মাগিলে দুৰ্ভগীয়া যুৱকজনে। বাৰে বাৰে চাব বিচাৰিছিল তেওঁ নিজ মাতৃক। কিন্তু মাতৃভূমি তথা পৰিয়ালক শেষ দেখা কৰাৰ হেঁপাহ মনতে থাকি গ'ল মোজাম্মিলৰ।

পাছে দেশত চলি থকা লকডাউন আৰু আৰ্থিক সংকটৰ বাবে পৰিয়ালৰ লোকে ঘৰলৈ আনিবলৈ সক্ষম হোৱা নাই দুৰ্ভগীয়া মোজাম্মিলৰ মৃতদেহ। সেয়েহে এতিয়া নিৰূপায় হৈ অন্তিমবাৰৰ বাবে পুত্ৰৰ মৃতদেহ স্ব-গৃহলৈ উভতাই আনিবলৈ চৰকাৰক অনুৰোধ জনাইছে মৃত মোজাম্মিলৰ পিতৃ-মাতৃয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in