সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল…

সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা চমুকৈ আমছাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে নগাঁও জিলাৰ বটদ্ৰৱাৰ ভোমোৰাগুৰি শ্বাহী ছিনিয়ৰ মাদ্ৰাছাত এখনি সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত আমছাই শিক্ষামন্ত্রীৰ মাদ্ৰাছা বন্ধৰ ঘোষণাক তীব্র প্রতিবাদ কৰাৰ লগতে গৰিহণা দিয়ে।

সংবাদ মেল সম্বোধন কৰি আমছাৰ কেন্দ্রীয় সমিতিৰ সভাপতি মৌলানা ওয়াহিদুজ্জামানে কয় যে, শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাই মাদ্রাছাৰ শিক্ষা ব্যৱস্থাক বন্ধ কৰি সম্পূর্ণ ধর্মীয় মেৰুকৰণ কৰিব বিচাৰিছে, যিটো সম্পূর্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। লগতে কয় যে, ব্ৰিটিছ আমোলৰ পৰাই অসমত চৰকাৰী ‌মাদ্রাছা শিক্ষা চলি আহিছে আৰু ইয়াৰ পৰা শিক্ষাবিদ, সেনা, ডাক্তৰ, ইঞ্জিনিয়াৰ হৈ আহিছে। অসমৰ চৰকাৰী মাদ্রাছা সমূহত অসমীয়া, ইংৰাজী, অংক, বিজ্ঞান, সমাজবিজ্ঞান, ইতিহাস, বাংলা, হিন্দী, ইত্যাদি বিষয় বিলাকো পঢ়োৱা হয় আৰু তাৰ লগতে কেইখনমান আৰবী কিতাব পঢ়োৱা হয়।

ইতিমধ্যে অসম মাদ্রাছা এডুকেশন বোর্ডে ৪২ বছৰ পুৰণা পাঠ্যক্ৰমৰ চিলেবাচ সলনি কৰি এখন নতুন চিলেবাচ প্ৰস্তুত কৰিছে, যাৰ ফলত এই শিক্ষা ব্যৱস্থা বহুত‌ আধুনিক দিশলৈ গতি কৰিছে। আনহাতে, কেৱল মাদ্রাছাই নহয় অসমৰ সংস্কৃত টোল সমুহ বন্ধ কৰা কাৰ্যকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আমছাই। সংবাদ মেলত আমছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ওয়াহিদুজ্জামান, উপ সভাপতি তাফাজ্জুল ইছলাম, আমছাৰ নগাঁও জিলা সমিতিৰ সভাপতি ছাইদুল ইছলাম, সম্পাদক মাচুদ আলম, কৰিমগঞ্জ জিলা সমিতিৰ সভাপতি মনিৰ উদ্দিন আহমেদকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in