বটদ্ৰৱাৰ চকলাঘাট ক্ষেত্ৰী গাঁৱত ১৫২ পৰম্পৰাৰে ৰুক্মিণী হৰণ ভাওনা…

বটদ্ৰৱাৰ চকলাঘাট ক্ষেত্ৰী গাঁৱত ১৫২ পৰম্পৰাৰে ৰুক্মিণী হৰণ ভাওনা…

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত চকলাঘাট ক্ষেত্ৰী গাঁৱত ১৫২ পৰম্পৰাৰে অনুষ্ঠিত হয় ৰুক্মিণী হৰণ ভাওনা। ১৮৭০ চনৰ পৰা প্ৰতি বছৰে আহাৰ মাহৰ তিনি তাৰিখে অনুষ্ঠিত বিশাল কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আহিছে এই 'ৰুক্মিণী হৰণ ভাওনা' উৎসৱ।

আজিও পুৱাৰে পৰা বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক লোকৰ উপস্থিতিত ক্ষেত্ৰী গাঁৱত উখল মাখল পৰিৱেশ সৃষ্টি হৈছে। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 'ৰুক্মিণী হৰণ ভাওনা' উৎসৱ উপলক্ষে আজি পুৱা গন্ধ গোৱা অনুষ্ঠানৰ পাছতে ভাগৱত পাঠ আৰু পানীতোলা কাৰ্যসূচী সম্পন্ন হয়। পানী তোলা কাৰ্যসূচীত পাঁচ শতাধিক আয়তীয়ে হাতত কলচি লৈ পদব্ৰজে সমগ্ৰ অঞ্চল পদক্ষিন কৰে।

দুপৰীয়া নামকীৰ্ত্তন, প্ৰসাদ বিতৰণ, সন্ধিয়া ক্ষেত্ৰী গাঁও নামঘৰৰ লগতে সমগ্ৰ গাঁৱৰ প্ৰতিঘৰ গৃহৰ পদূলিত বন্তি প্ৰজ্বলন কৰা হয়। নিশা ৯ বজাৰ পৰা ভাওনাৰ পূৰ্বৰংগ আৰু ৰুক্মিণী হৰণ নাট আৰম্ভ হয়। কাইলৈ গোপিনী সৱাহৰ স্থানী অনুুষ্ঠানৰ সামৰণি পৰিব। উল্লেখ্য যে, ১৫২ বছৰ ধৰি অনুষ্ঠিত হৈ অহা ক্ষেত্ৰী গাঁৱৰ ৰুক্মিণী হৰণ নাটকত অঞ্চলটোৰ শিশু শিল্পী সকলেহে অভিনয়ত অংশ গ্ৰহণ কৰাৰ পৰম্পৰা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in