বটদ্ৰৱাৰ ৰাইদঙীয়াত বিৰল প্ৰজাতিৰ মাছ উদ্ধাৰ…

বটদ্ৰৱাৰ ৰাইদঙীয়াত বিৰল প্ৰজাতিৰ মাছ উদ্ধাৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইদঙীয়াত বুধবাৰে এটা বিৰল প্ৰজাতিৰ মাছ উদ্ধাৰক লৈ কৌতুহলৰ সৃষ্টি হয়। ৰাইডঙীয়াৰ এজন বেপাৰীয়ে বেছিবলৈ অনা এটা মাছ কাটোতে পেটত উদ্ধাৰ হৈছে এই কাহানি কোনেও নেদেখা এই বিৰল প্ৰজাতিৰ মাছটো।

পূৰ্বৰে পৰা শষ্যে মৎস্যে অনুপম এই বটদ্ৰৱা পাৰ্শ্বৱৰ্তী অঞ্চলটিত বহু বিৰল প্ৰজাতিৰ মাছ কাছৰ বসতি স্থলী আছিল। কিন্তু বিয়াগোম অসম চৰকাৰৰ মীন বিভাগৰ অকমন্যতা, গুৰুত্বহীনতা আৰু পৰিকল্পনাৰ অভাৱৰ বাবে এনে বহু বিৰল প্ৰজাতিৰ মাছ এটিয়া বিলুপ্তিৰ পথত।

ৰাইডঙীয়াত উদ্ধাৰ হোৱা মাছটোৱে অঞলটোত কৌতুহল সৃষ্টি কৰা লগতে দুৰ দুৰণিৰ পৰাওঁ মাছটো চাৱলৈ ৰাইজৰ হেতা ওপৰা লগা পৰিলক্ষিত হয়। কোনোৱে যদি মাছটো দেখি ভয় কৰিছে কোনোৱে আকৌ হাতেৰে চুই চাইছে এই বিৰল প্ৰজাতিৰ মাছটো। মুঠৰ উপৰত ৰাইডঙীয়াত বুধবাৰে এটা মাছক লৈ ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in