জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন…

জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন…


ডিজিটেল সংবাদ, বটদ্ৰৱা: দেশত প্ৰথম পৰ্যায় আনলক চলি থকাৰ সময়ত বৰ্তমানেও বহিঃৰাজ্যত আবদ্ধ হৈ আছে হাজাৰ হাজাৰ অসমৰ শ্ৰমিক। পৰ্য্যায় ক্ৰমে ৰাজ্যৰ বাহিৰত বিভিন্ন স্থানত আবদ্ধ হৈ থকা শ্ৰমিক সকলৰ লগতে বহিঃৰাজ্যত অধ্যয়নৰত শিক্ষাৰ্থী সকল অসমলৈ আহিছে।

এই লোক সকলক চৰকাৰী নিয়ম অনুসৰি কোৱাৰেণ্টাইন কৰি ৰাখিবৰ বাবে সমষ্টিয়ে সমষ্টিয়ে কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰিছে। নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ত মংগলবাৰে নিশা উত্তৰ প্ৰদেশৰ পৰা অহা ৭ জন, দিল্লীৰ পৰা অহা ১ জন, পশ্চিম বংগৰ পৰা অহা ২জন, মহাৰাষ্ট্ৰৰ পৰা অহা ১ জন, তামিলনাডুৰ পৰা অহা ৬৯ সহ সৰ্বমুুুঠ ৮০ জন লোকক কোৱাৰেণ্টাইন কৰা হৈছে। কোৱাৰেণ্টাইন কৰা লোক সকলৰ মাজৰ এগৰাকী মহিলা বুলি জানিব পৰা গৈছে। কোৱাৰেণ্টাইন কেন্দ্ৰটিত প্ৰয়োজনীয় সা-সামগ্ৰী, বিছনা, খাদ্য, পানী আদিৰ যোগানৰ সকলো সাজু কৰি ৰাখিছে জিলা প্ৰশাসন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in