নিষ্ঠাবান সাংবাদিক সকলৰ সেৱাৰ বাবেই এখন সুস্থ সমাজৰ সৃষ্টি হয়…

নিষ্ঠাবান সাংবাদিক সকলৰ সেৱাৰ বাবেই এখন সুস্থ সমাজৰ সৃষ্টি হয়…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "নিষ্ঠাবান সাংবাদিক সকলে কৰা ত্যাগ, সেৱাৰ বাবেই এখন সুষ্ঠ বাতাবৰণ সমাজ সৃষ্টি হয়। আমাৰ ভাৰতবৰ্ষত সাংবাদিকতা হাজাৰ বছৰ পূৰ্বৰ পৰা চলি আহিছে। মহাভাৰতৰ যুগত ভাৰতবৰ্ষত সাংবাদিকতা আছিল। শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধত সাংবাদিকৰ ভূমিকা পালন কৰিছিল।" বটদ্ৰৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত উপস্থিত থাকি এই মন্তব্য কৰে বিশিষ্ট সাহিত্যিক দিলীপ কুমাৰ নাথে। বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত আজি অনুষ্ঠিত সভাত সভাপতিত্ব কৰে বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতি নিতুমনি গোস্বামীয়ে।

উপসভাপতি কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিত সমাজ সেৱক সুনিল বৰুৱা, নগাওঁ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক হিৰণ্য কলিতা, ভলিবল খেলুৱৈ আজমল কবিৰক বৃহত্তৰ অঞ্চলটোলৈ আগবঢ়োৱা সেৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। সভাতে বটদ্ৰৱা সাংবাদিক সন্থাই যোৱা ১৪ নৱেম্বৰত শিশু দিৱসত আয়োজনকৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়।

সভাত ধিং শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য্য ৰাজামনি শইকীয়া, আমছুৰ নগাঁও জিলাৰ সাংগঠনিক সম্পাদক চাদ্দাম হুছেইন, শিক্ষক ৰাজীৱ মহন্ত, বটদ্ৰৱা সাংবাদিক সন্থাৰ সম্পাদক মাজিদুল ইছলামকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। ইফালে বটদ্ৰৱা সাংবাদিক সন্থাৰ উদ্যোগত বটদ্ৰৱা অঞ্চলৰ অঞ্চলৰ সামাজিক, সাংস্কৃতিক আৰু শিক্ষাৰ দিশত উল্লেখ্যনীয় ভূমিকা পালন কৰি অঞ্চলটোৰ উত্তৰনৰ বাবে সেৱা আগবঢ়োৱা কেইবাগৰাকী জেষ্ঠ ব্যক্তিৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱা হয়।

পুৱাই বটদ্ৰৱা সাংবাদিক সন্থাৰ সকলো সাংবাদিক একত্ৰিত হৈ প্ৰথমে বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰাৰ গৃহত উপস্থিত হৈ গামোচা, জাপি, সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱাৰ পাছত বটদ্ৰৱা সতী ৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, তথা বটদ্ৰৱাৰ জাতীয় জীৱনত অনবদ্য অৱদানৰ আগবঢ়োৱা কৰুণানন্দ দেৱগোস্বামীৰ লগতে কেইবাগৰাকী ব্যক্তিৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in