বিধান সভা নিৰ্বাচনত বাক্সাৰ তিনি সমষ্টিত বিপিএফৰ ভেটি উচন…

বিধান সভা নিৰ্বাচনত বাক্সাৰ তিনি সমষ্টিত বিপিএফৰ ভেটি উচন…

ডিজিটেল সংবাদ,বাক্সা : কালি অসম বিধান সভা নিৰ্বাচনত ফলাফল ঘোষণা কৰাৰ লগে লগে বিটিএডিত একপ্ৰকাৰ উচন হৈ পৰিল বিপিএফ। ২০০৩ চনত স্বাক্ষৰিত বিটিচি চুক্তিৰ জড়িয়তে ৰাজনৈতিক দল গঠন কৰা বিপিএফ দলে প্ৰথম বাৰৰ বাবে ২০০৫ চনত বিটিচি নিৰ্বাচনত অংশগ্ৰহণ কৰে। নিৰ্বাচনত অংশগ্ৰহণ কৰিয়েই বিটিচিৰ চল্লিশটা সমষ্টিৰ ভিতৰত ৩৯ টা সমষ্টিতেই বিজয় সাব্যস্ত কৰি ৰাজনৈতিক ভাৱে এক শক্তিশালী দল হিচাপে প্ৰতিপন্ন কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছতে ২০০৬ চনৰ বিধান সভা নিৰ্বাচনত ৰাজ্যৰ ৰাজনীতিত খোজ পেলায় হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে। ৰাজ্যৰ ৰাজনীতিত অৱতীৰ্ণ হোৱাৰ লগে লগে বিটিচিৰ ১২ খন আসনত বিজয় সাব্যস্ত কৰি প্ৰধান ৰাজনৈতিক দল সমুহক একপ্ৰকাৰ দেখুৱাই দিলে তেওঁলোকৰ শক্তি। এই বছৰতে কোনো এটা দলে সংখ্যাগৰিষ্ঠ্যতা নোপোৱাৰ বাবে কংগ্ৰেছ দলে সহায় ভিক্ষা কৰে হাগ্ৰামা মহিলাৰীক। হাগ্ৰামা মহিলাৰীয়েও মন্ত্ৰিত্বৰ চুক্তিৰে কংগ্ৰেছক সমৰ্থন কৰে।

ইয়াৰ পৰৱৰ্তী ২০১১ চনৰ নিৰ্বাচনতো বিপিএফ দলে ১১খন আসনত বিজয়ী হৈ কংগ্ৰেছ চৰকাৰৰ অংশীদাৰিত্ব হয়। লক্ষ্যণীয়ভাৱে ২০১৬ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে শোচনীয় পৰাজয় হোৱাৰ পিছতে বিজেপিৰ সৈতে নতুন মিত্ৰতাৰে চৰকাৰ গঠন কৰে। এইখিনিতে মন কৰিবলগীয়া যে বাক্সা জিলাৰ ৫৮নং তামুলপুৰ সমষ্টি, ৬২নং বৰমা সমষ্টি আৰু ৬৩ নং চাপাগুৰি সমষ্টিত বিগত ২০০৬ চনৰে পৰা বিপিএফৰ দখলত আছিল।

৫৮নং তামুলপুৰ সমষ্টিত ২০০৬ চনত প্ৰথমবাৰৰ বাবে দলীয় টিকটৰ পৰা বঞ্চিত হৈ বিপিএফৰ নেতা চণ্ডী বসুমতাৰীয়ে প্ৰতিদ্বন্দিতা কৰি বিজয়ী হবলৈ সক্ষম হয়। ইয়াৰ পিছতে ২০১১ চনত তদানীন্তন বিপিএফৰ সম্পাদক ইমানুৱেল মুছাহাৰীয়ে প্ৰতিদ্বন্দিতা কৰি বিজয়ৰ সোৱাদ লাভ কৰে। ২০১৬ চনতো ইমানুৱেল মুছাহাৰীয়ে বিজয়ী হয়। আনহাতে ৬২ নং বৰমা সমষ্টি ২০০৬ চনৰে পৰা একেলেথাৰিয়ে তিনিটা কাৰ্যকালৰ বাবে বিপিএফৰ মনেশ্বৰ ব্ৰহ্মই বিজয়ী হয়। ইফালে ৬৩ নং চাপাগুৰি সমষ্টিত ২০০৬ চনত বিপিএফৰ থানেশ্বৰ বসুমতাৰীয়ে বিজয়ী হয়।

ইয়াৰ পৰৱৰ্তী সময়ত ২০১১ চনত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হিতেশ বসুমতাৰীয়ে প্ৰতিদ্বন্দিতা কৰি জয়ী হয়। ২০১৬ চনত পুনৰ থানেশ্বৰ বসুমতাৰীকে দলীয় টিকট প্ৰদান কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়। এক কথাত বাক্সা জিলাৰ তিনিওটা সমষ্টিটে বিগত পোন্ধৰ বছৰে বিপিএফৰ দখলত আছিল। বিগত পোন্ধৰ বছৰ ধৰি তিনিটা সমষ্টিক নেতৃত্ব দিয়া শক্তিশালী বিপিএফ দলটোৱে এইবাৰৰ নিৰ্বাচনত বেয়াকৈ ধৰাসায়ী হয় নৱতম ৰাজনৈতিক দল ইউপিপিএলৰ হাতত।

বিটিআৰৰ জড়িয়তে শক্তিশালী হোৱা ইউপিপিএলে বিটিচি নিৰ্বাচনত আশাপ্ৰদ লাভ কৰি বিজেপিৰ সৈতে বিটিচিৰ শাসনৰ বাঘজৰী হাতত লোৱাৰ পিছতে ৰাজ্যৰ ৰাজনীতিতো খোজ পেলায়। সদ্য সমাপ্ত নিৰ্বাচনত বিজেপি দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হয়। ফলাফলৰ অন্তত বাক্সা জিলাৰ তিনিওটা সমষ্টিতে একপ্ৰকাৰ ভেটি উচন হয় এসময়ৰ প্ৰৱল প্ৰতাপী হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in