নিৰ্বাচনত জয়লাভ কৰি বসন্ত দাস উপস্থিত মঙলদৈ অসামৰিক চিকিৎসালয়ত…

নিৰ্বাচনত জয়লাভ কৰি বসন্ত দাস উপস্থিত মঙলদৈ অসামৰিক চিকিৎসালয়ত…

ডিজিটেল সংবাদ,‌মঙলদৈ : আশা কৰাতকৈ প্ৰায় বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয় লাভ কৰি আনন্দত আত্মহাৰা হৈ পৰে মঙলদৈ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক বসন্ত দাস লগতে কংগ্ৰেছৰ কৰ্মী সমৰ্থক সকল৷

প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ যি জনপ্ৰিয়তা আছিল তেনে ধৰনৰ জনপ্ৰিয়তা থকা বিধায়ক এগৰাকীক যে পৰাজিত কৰিব পাৰিব সেয়া হয় আমি ময়ো কল্পনা কৰিব নোৱাৰিম৷ কিন্তু প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে তেওঁৰ কাৰ্য্যকালত সমষ্টিটোত কৰি থৈ যোৱা উন্নয়নৰ বাবেই হয়টো আশা কৰাতকৈয়ো সমষ্টিটোৰ পশ্চিম দিশত বহুত বেছি ভোট লাভ কৰি জয়ী হবলৈ সক্ষম হ'ল৷

যোৱা ৫ বছৰত জনপ্ৰিয়তাৰ উচ্চ শিখৰত থকা বিজেপিৰ গুৰুজ্যোতিয়ে ৮৪, ৮৬২টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ নৱ নিৰ্বাচিত বিধায়ক বসন্ত দাসে লাভ কৰে ১, ১১, ০৬৯ টা ভোট আৰু যাৰ ব্যৱধান হ'লগৈ২৬, ২০৭ টা ভোট৷ জয়ী হৈয়ে সোমবাৰে নৱ নিৰ্বাচিত কংগ্ৰেছৰ বিধায়ক বসন্ত দাসে উপস্থিত হয় মঙলদৈ অসামৰিক চিকিৎসালয়ত।

চিকিৎসালয় খনত উপস্থিত হৈ কংগ্ৰেছৰ নৱ নিৰ্বাচিত বিধায়ক গৰাকীয়ে চিকিৎসালয় খনত চিকিৎসাধীন হৈ থকা ক'ভিড ৰোগী সকলৰ লগতে অন্য ৰোগী সকলৰো স্বাস্থ্যৰ বুজ লৈ চিকিৎসালয় খনৰ অধীক্ষক গৰাকীৰ লগত চিকিৎসালয় খনৰ আন্তঃগাঁথনিৰ ওপৰত আলোচনাত মিলিত হয়৷ ইফালে কলাইগাওঁ সমষ্টিটো পুনৰ একেৰাহে দ্বিতীয় বাৰৰ বাবে বিপিএফৰ হাতত থকাত দলীয় নেতা কৰ্মী সকলৰ মাজত উচ্চাহৰ ধল বোৱা দেখা গৈছে৷

কিয়নো এইবাৰ বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছিল সেই প্ৰাৰ্থী গৰাকী সমষ্টিটো বাদেই জিলাখনৰো বাহিৰৰ পৰা আমদানি কৰি আনি প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল৷ যাৰবাবে সমষ্টিটোৰ ৰাইজৰ লগতে দলৰো একাংশ নেতা কৰ্মী অসন্তুষ্ট হৈ পৰিছিল৷ সমষ্টিটো জিলাখনৰ বাহিৰৰ পৰা আমদানিকৃত কৰি অনা বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ হাতৰ পৰা বচোৱাৰ বাবে কংগ্ৰেছ দলৰ পৰা বিপিএফত যোগদান কৰা প্ৰাক্তন মন্ত্ৰী দুৰ্গাদাস বড়োক উপযুক্ত হিচাপে বাচি লৈ বিপিএফৰ দূৰ্গাদাস বড়োক জয়ী কৰালে বুলি অনুমান কৰিব পাৰি৷ দূৰ্গাদাস বড়োই লাভ কৰে ৬০৬০৪ টা ভোটৰ বিপৰীতে বিজেপি দলৰ প্ৰাৰ্থী মধুৰাম ডেকাই লাভ কৰিলে ৫৩, ৩৮২ টা ভোট৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in