সুৰাৰ ৰাগিত পাষাণ পিতৃয়ে ডিঙি চেপি হত্যা কৰিলে নিজ কন্যা সন্তানক…

সুৰাৰ ৰাগিত পাষাণ পিতৃয়ে ডিঙি চেপি হত্যা কৰিলে নিজ কন্যা সন্তানক…

ডিজিটেল সংবাদ,ওৰাং: শোণিতপুৰ জিলাৰ বৰছলা আৰক্ষী চকীৰ অন্তৰ্গত ফটাশিমলু গাঁৱৰ এগৰাকী পাষাণ পিতূয়ে ডিঙি চেপি হত্যা কৰিলে নিজ কন্যা সন্তানক। হত্যাকাণ্ডৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

বৰছলাৰ ফটা শিমলু গাঁওৰ চহিদুল ইছলাম নামৰ এগৰাকী পাষান পিতৃয়ে নিজৰেই ডেৰ বছৰীয়া কন্যা সন্তানক সুৰাসক্ত অৱস্থাত ডিঙি চেপি হত্যা কৰে ৷ উল্লেখযোগ্য যে হত্যাকাৰি চহিদুলে কেইদিনমানপূৰ্বে নিজ পত্নী মইফান খাতুনক মাৰপিট কৰি ঘৰৰ পৰা খেদি দিছিল ৷

কিন্তু মঙলবাৰে হঠাতে নিজ কন্যা সন্তানক ডিঙি চেপি হত্যা কৰে এই পাষাণ পিতৃয়ে ৷ ইতিমধ্যে বৰছলা আৰক্ষীয়ে হত্যাকাৰী পিতৃক আটক কৰি তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in