বানপানীৰ মাজতে ইনভাৰ্টাৰ খুলিবলৈ গৈ মৃত্যুক সাবটিলে বৰপেটাৰ যুৱকে…

বানপানীৰ মাজতে ইনভাৰ্টাৰ খুলিবলৈ গৈ মৃত্যুক সাবটিলে বৰপেটাৰ যুৱকে…

ডিজিটেল সংবাদ বৰপেটাঃ জটিল বানপৰিস্থিতিৰ মাজতে আজি এক শোকাবহ ঘটনা সংঘটিত হয় বৰপেটা চহৰত ৷ বানত ডুবি থকা নিজৰ ঘৰৰ ইনভাৰ্টাৰ খুলিবলৈ গৈ মৃত্যুক সাৱটিলে ২৪ বছৰীয়া এজন যুৱকে ৷ এই ঘটনা সংঘটিত হৈছে বৰপেটা চহৰৰ ৭ নং ৱাৰ্ডৰ অন্তৰ্গত গায়ন হাটীত ৷

কৰুণভাৱে মৃত্যুক সাৱটি লোৱা যুৱকজন জ্যোতিকেশ গায়ন বুলি জনা গৈছে ৷ উল্লেখ্য যে, গায়নহাটীৰ প্ৰয়াত গুনীন গায়ন আৰু গোলাপী গায়নৰ কনিষ্ঠ পুত্ৰ জ্যোতিকেশ গায়নে ক্ষুদ্ৰ ব্যৱসায়ী কৰি জীৱন নিৰ্বাহ কৰিছিল ৷ এইবেলি বানত চহৰখনৰ অন্যান্য এলেকাৰ লগতে গায়ন হাটীও জলমগ্ন হৈ পৰে ৷

বানপানীয়ে নিজৰ ঘৰ বুৰাই পেলোৱাৰ বাবেই জ্যোতিকেশ গায়নে মাতৃৰ সৈতে আন মানুহৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰে ৷ অলপ পানী কমাত আজি জ্যোতিকেশে দিনৰ প্ৰায় ১১-৩০ বজাত নিজৰ ঘৰলৈ যায় ৷ বৰ্তমানেও জলমগ্ন হৈ থকা ঘৰৰ ভিতৰত থকা ইনভাৰ্টাৰটো যুৱকজনে খুলিবলৈ চেষ্টা কৰে ৷

পানীৰ তলতে ইনভাৰ্টাৰটো খুলিবলৈ ধৰোতে বিদ্যুৎপৃষ্ট হৈ মৃত্যুক সাৱটি লয় জ্যোতিকেশ নামৰ যুৱকজনে ৷ মৃত্যুৰ সময়ত যুৱকজনে মাতৃ আৰু এগৰাকী জ্যেষ্ঠ ভাতৃক ইহ সংসাৰত এৰি থৈ যায় ৷ ইপিনে, যুৱকজনৰ মৃত্যুত সমগ্ৰ চহৰখনতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷

যুৱকজনৰ এনে অকালমৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৭ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ ধনজিৎ পাঠকে ৷ ধনজিৎ পাঠকে মৃতকৰ পৰিয়াললৈ পৰ্যাপ্ত সাহায্য প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে ৷ জ্যোতিকেশ গায়নৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বৰপেটা জিলা ছাত্ৰ সন্থাই৷ জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাসেও পৰিয়ালটোক পৰ্যাপ্ত আৰ্থিক সাহায্য প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে চৰকাৰৰ ওচৰত ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in