বৰপেটা আৰক্ষীৰ জালত ৩ চোৰ…

বৰপেটা আৰক্ষীৰ জালত ৩ চোৰ…

ডিজিটেল সংবাদ, চেঙা: বৰপেটা আৰক্ষীয়ে বেটাৰী চুৰিৰ অভিযোগত তিনিটা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ধৃত চোৰ তিনিটা বৰপেটাৰ ভকতপাৰাৰ নিৰ্মল দাসৰ পুত্ৰ ৰাতুল দাস(২৮), বাঘবৰৰ বামুনদংৰাৰ আব্দুৰ ৰহিমৰ পুত্ৰ চাদ্দাম হুছেইন (২৬) আৰু বৰপেটাৰ ঠেকা কলনিৰ পাখাই মণ্ডলৰ পুত্ৰ প্ৰদীপ মণ্ডল (২৬) বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী মতে বুধবাৰে ৰাতুল দাসে এখন ডাম্পাৰ গাড়ীৰ পৰা বেটাৰী চুৰি কৰিবলৈ লওঁতেই স্থানীয় লোকে ৰাতুল দাসক হাতে-লোতে ধৰি বৰপেটা আৰক্ষীক গতাই দিয়ে। টি এছ আই মুনীন্দ্ৰ নাৰায়ণ দাসৰ তৎপৰতা আৰু নেতৃত্বত ৰাতুল দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত চাদ্দাম হুছেইন আৰু প্ৰদীপ মণ্ডলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ৰাতুল দাস বহুদিন ধৰি বিভিন্ন চুৰি কাৰ্যত জড়িত থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ৰাতুল দাসে বেটাৰী চুৰি কৰি চাদ্দাম হুছেইনৰ ডেম্পত বিক্ৰী কৰে আৰু ৰিক্সাচালক প্ৰদীপ মণ্ডলৰ ৰিক্সাৰে চুৰি বেটাৰীসমূহ সৰবৰাহ কৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।ইতিমধ্যে বৰপেটা আৰক্ষীয়ে চাদ্দাম হুছেইনৰ ডেম্পৰ পৰা পাঁচটা চুৰি বেটাৰী উদ্ধাৰ কৰে।

বেটাৰী চুৰি সন্দৰ্ভত বৰপেটা জিলা পৰিবহন বিভাগৰ ভাৰপ্ৰাপ্ত পৰিবহন বিষয়া হিমাংশু দাসে বৰপেটা সদৰ থানাত ৰুজু কৰা ১২৬৬/২০২০ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ ৩৭৯ ধাৰাৰ অধীনত বেটাৰী চুৰিৰ অভিযোগত বৃহস্পতিবাৰে তিনিওকে বৰপেটা আদালতত হাজিৰ কৰোৱাৰ পিছত মহামান্য আদালতে আটাইকেইজনক জে'ললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in