বৰপেটাত পুনৰ আৰক্ষীৰ জালত জেএমবিৰ দুৰ্ধৰ্ষ নেতা, VIDEO…

বৰপেটাত পুনৰ আৰক্ষীৰ জালত জেএমবিৰ দুৰ্ধৰ্ষ নেতা, VIDEO…



ডিজিটেল সংবাদ, চেঙাঃ মঙলবাৰে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বাংলাদেশৰ জেএমবিৰ দুৰ্ধৰ্ষ নেতা আজাহাৰ উদ্দিনক ৷ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰী পাথাৰ গাঁৱৰ চামাদ আলীৰ পুত্ৰ আছিল আজাহাৰ উদ্দিন ৷ আৰক্ষী অধীক্ষক ড০ ৰবীন কুমাৰৰ নিৰ্দেশক্ৰমে ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰগয়াৰীৰ নেতৃত্বত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুৰ্ধৰ্ষ জেহাদী আজাহৰক ৷

আজাহাৰ উদ্দিন ২০১৪ চনৰ পৰাই জেএমবিৰ সৈতে জৰিত থকাৰ অভিযোগ ৷ বৰ্ধমানৰ বোমা বিস্ফোৰণৰ পিছৰ পৰাই দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল অসম আৰক্ষীৰ ম'ষ্ট ৱান্টেড দুৰ্ধৰ্ষ জেহাদীটো ৷ তেলেংগানাৰ পৰা বৰপেটাত আহি উপস্থিত হোৱাৰ পিচতে গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে আজাহৰক গ্ৰেপ্তাৰ কৰি কালি বজালীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত হাজিৰ কৰায় ৷ তাৰপিছতে আদালতে ৭ দিনৰ আৰক্ষী জিম্মাত দিয়ে আজাহৰক ৷

জেহাদী আজাহাৰ উদ্দিনৰ ৰৌমাৰী পাথাৰস্থিত ঘৰত এতিয়া নিমাওমাও পৰিৱেশ ৷ তলা ওলমি আছে ঘৰটোত । বিগত কেবাদিন ধৰি সেনা- আৰক্ষীয়ে আজাহাৰ উদ্দিনক বিচাৰি ঘৰত তালাচী চলাই আছিল ৷ সেইবাবেই হয়তো ঘৰৰ পৰা আঁতৰি আছে পৰিয়ালৰ লোকসকল ৷ স্থানীয় লোকৰ সূত্ৰ অনুসৰি দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত ভুগী আছে আজাহাৰৰ পিতৃ চামাদ আলী ।উল্লেখ্য যে বৰপেটা জিলাৰ ৰৌমাৰী পাথাৰ গাঁও ইতিমধ্যে জেহাদীৰ ঘাটি হিচাপে পৰিচিত হৈ আহিছে ৷

অসমত জেহাদী কাৰ্যকলাপৰ মূল হোতা হিচাপে পৰিচিত চাহানুৰ আলমৰ চতলা গাঁৱৰ নাতিদূৰত অৱস্থিত ৰৌমাৰী পাথাৰ গাঁও ৷ চাহানুৰ আলমৰ সৈতে জেএমবিৰ কাৰ্যকলাপত জৰিত আজাহাৰ উদ্দিনক সেনা- আৰক্ষীয়ে দীৰ্ঘদিন ধৰি বিচাৰি আছিল ৷ উল্লেখ্য যে, জেএমবিৰ জেহাদী কাৰ্যকলাপৰ সৈতে জৰিত থকাৰ অপৰাধত ইতিমধ্যে ৰৌমাৰী পাথাৰ গাঁৱৰ কেবাজনো দুধৰ্ষ জেহাদী ইতিমধ্যে জালত পৰিছে আৰক্ষীৰ ৷

চাহানুৰ আলমৰ পিচতে অসমত জেহাদী কাৰ্যকলাপৰ মাষ্টাৰমাইণ্ড হিচাপে কাম কৰিছিল ৰৌমাৰী পাথাৰ গাঁৱৰে চহিদুল ইছলামে ৷ পশ্চিমবংগৰ বৰ্ধমান জিলাৰ খাগ্ৰাগড়ত সংঘটিত বোমা বিস্ফােৰণৰ ঘটনাত অভিযুক্ত হৈ পশ্চিমবংগৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দীত্বৰ জীৱন কটাই থকা জেএমবিৰ দুৰ্ধৰ্ষ নেতা ছহিদুল ইছলামৰ গাঁৱতে আজাহাৰ উদ্দিনৰ ঘৰ ৷

উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ আজহাৰক বিগত পাঁচ বছৰ ধৰি দেখা নাই স্থানীয় লোকে । ঘৰৰ স'তে আহ-যা নাই ওচৰ চুবুৰীয়াৰ । কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জে এম বিৰ সৈতে জৰিত আজাহাৰৰ উচিত শাস্তি বিচাৰে স্থানীয়লোকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in