সুনাম কঢ়িয়াই আনিলে সত্ৰনগৰী বৰপেটাৰ প্ৰতিভাৱান শিল্পীয়ে…

সুনাম কঢ়িয়াই আনিলে সত্ৰনগৰী বৰপেটাৰ প্ৰতিভাৱান শিল্পীয়ে…

ডিজিটেল সংবাদ, বৰপেটাঃ বৰগীত, খোলবাদ্য আৰু সত্ৰীয়া নৃত্য শিক্ষাৰ কেন্দ্ৰ সংগীত সত্ৰ, গুৱাহাটীয়ে আয়োজন কৰা ৰাজ্যিক ভিত্তিত আয়োজিত সত্ৰীয়া গীত-বাদ্য-নৃত্য প্ৰতিযোগিতাৰ বাদ্য প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি সত্ৰনগৰী বৰপেটালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সাতজনকৈ প্ৰতিভাৱান শিল্পীয়ে। উল্লেখ্য যে সংগীত সত্ৰ, গুৱাহাটী য়ে ২০১৯ বৰ্ষৰ 'সত্ৰীয়া তৰংগ' ২০১৯ শীৰ্ষক ৰাজ্যিক ভিত্তিত গীত-বাদ্য-নৃত্য ৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছিল ।

উক্ত প্ৰতিযোগিতাখন যোৱা ৯ জুনত সংগীত সত্ৰ ভৱন, গুৱাহাটী ত চূড়ান্ত পৰ্যায়ত অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ ফলাফল অনুসৰি এই চূড়ান্ত প্ৰতিযোগিতাখনত খোলবাদন প্ৰতিযোগিতাৰ নিম্ন শাখাত অৰ্পন চৌধুৰী (১ম স্হান যুটীয়াভাৱে) বিবেক তালুকদাৰ (১ম স্হান যুটীয়াভাৱে ) মাধুৰ্য দাস (২য় স্হান) নীলাভ ৰঞ্জন ওজা (৩য় স্হান) আৰু উচ্চ শাখাত দীপাংকৰ দাস (১ম স্হান) কৌশিক দাস (২য় স্হান যুটীয়াভাৱে) আৰু ৰাহুল সূত্ৰধাৰে (২য় স্হান যুটীয়াভাৱে ) লাভ কৰিবলৈ সক্ষম হৈছে ৷

এই কথা জানিবলৈ দিয়ে একাডেমি অৱ খোলবাদ্যৰ মুখ্য প্ৰশিক্ষক মনোজ কুমাৰ দাসে । উল্লেখ্য যে সত্ৰনগৰী বৰপেটালৈ সুনাম কঢ়িয়াই অনা এই আটাইকেইগৰাকীয়ে একাডেমি অৱ খোলবাদ্যৰ ছাত্ৰ আৰু গুৰু মনোজ কুমাৰ দাসৰ তত্বাৱধানত খোলবাদ্যৰ শিক্ষা গ্ৰহণ কৰি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in