বৰপেটাৰ আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ মহানুভৱতা, গৃহৰক্ষী জোৱানৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ…

বৰপেটাৰ আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ মহানুভৱতা, গৃহৰক্ষী জোৱানৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ…

ডিজিটেল সংবাদ চেঙাঃ ৰাজ্যত ভয়াবহ ভাবে বৃদ্ধি পাই আছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ।অন্যান্য জৰুৰী সেৱাৰ লগতে কৰোনাৰ বিৰুদ্ধে দিনে-নিশাই যুঁজ অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। ব্যতিক্ৰম নহয় বৰপেটা জিলা আৰক্ষী। এইক্ষেত্ৰত বৰপেটা জিলাৰ গৃহৰক্ষী জোৱান সকলেও নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্তব্য পালন কৰি গৈছে।

কোৰোনাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখা বৰপেটা জিলাৰ গৃহৰক্ষী জোৱানৰ ৭৫ টা পৰিয়ালৰ মাজত বৃহস্পতিবাৰে বৰপেটা আৰক্ষী নিবেশত অত্যাৱশকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্যই ।

ডিএচপি সমীৰণ বৈশ্যৰ ব্যক্তিগত প্ৰচেষ্টাত গৃহৰক্ষী জোৱানৰ পৰিয়াল কেইটাক খাদ্য সামগ্ৰী বিতৰণ কৰা পৰ্বটোত উপস্থিত থাকে বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) নিৰুপম হাজৰিকা। উপ আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্যই গৃহৰক্ষী জোৱান সকলৰ প্ৰতি দেখুওৱা এনে মহানুভৱতাৰ বাবে সচেতন মহলে উচ্চ প্ৰশংসা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in