বৰপেটাত ড্ৰাগছ ব্যৱসায়ত নামিল মহাবিদ্যালয়ৰ ছাত্ৰ…

বৰপেটাত ড্ৰাগছ ব্যৱসায়ত নামিল মহাবিদ্যালয়ৰ ছাত্ৰ…

ডিজিটেল সংবাদ, বৰপেটাঃ নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ত নামিল বৰপেটাৰ ঐতিহ্যমণ্ডিত এম চি কলেজৰ ছাত্ৰ ৷ শনিবাৰে নিশা ব্ৰাউন চুগাৰসহ আটক বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয় চমুকৈ এম চি কলেজৰ ছাত্ৰজন ৷

এম চি কলেজৰ স্নাতক দ্বিতীয় ষান্মাষিকৰ ছাত্ৰ মহিবুলৰ ঘৰ বৰপেটাৰ কান্দাপাৰা গাৱত ৷ ছাত্ৰজনৰ পৰা উদ্ধাৰ কৰা হৈছে ৯টা ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰ ৷ শনিবাৰে নিশা ৰামসেনাৰ কৰ্মীয়ে ড্ৰাগছ ব্যৱসায়ী ছাত্ৰজনক আটক কৰি গটাই দিয়ে বৰপেটা আৰক্ষীক ৷

ছাত্ৰজনে স্বীকাৰ কৰা মতে, বৰপেটাৰ কোনো যুৱকক বিক্ৰীৰ বাবে লৈ আহিছিল ব্ৰাউন চুগাৰভৰ্তি কন্টেইনাৰ কেইটা ৷ বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী ছাত্ৰজনক ৷ সম্প্ৰতি অব্যাহত আছে আৰক্ষীৰ তদন্ত ৷ ইপিনে বৰপেটা চহৰত ড্ৰাগছৰ পোহাৰ মেলা চক্ৰটোক উৎখাতৰ বাবে প্ৰশাসনক আহ্বান জনাইছে ৰাম সেনাৰ কৰ্মীয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in