বৰপেটাত বীমা কেলেংকাৰীঃ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়াক গ্ৰেপ্তাৰ…

বৰপেটাত বীমা কেলেংকাৰীঃ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়াক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, চেঙা: বৰপেটাত পুনৰ বীমা কেলেংকাৰীক লৈ ৰুজু হৈছে গোচৰ ৷ এইবাৰ আৰক্ষীৰ জালত পৰিল চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ নুৰুল ইছলাম ৷তাৰাবাৰী আৰক্ষী থানাৰ সহযোগত আৰু বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিৰ নেতৃত্বত গ্ৰেপ্তাৰ হয় চিকিৎসকজন ৷

বীমা কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত ডাঃ নুৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ মৃত্যুৰ ভুৱা প্ৰমাণ পত্ৰ প্ৰদানৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বুলি জানিব পৰা গৈছে স্বাস্থ্য বিষয়াগৰাকী ৷বৰপেটাৰ পালহাজীৰ মোজাম্মিল হক নামৰ যুৱক এজনৰ মৃত্যুৰ ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰিছিল চিকিৎসকজনে ৷ যুৱকজনৰ মৃত্যুৰ ভুৱা প্ৰমাণ পত্ৰৰে বীমা কোম্পানীৰ পৰা পৰিয়ালৰ লোকে উলিয়াইছিল ১৬ লাখ টকাৰ বীমাৰ ধন ৷

ইয়াৰ পিচতে পোহৰলৈ আহিছিল চিকিৎসকজনৰ এই জালিয়াতি ৷ইয়াৰ পিচতে বৰপেটা আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰে চিকিৎসকজনক ৷ডাঃ ইছলামৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ বি/৪২০/১০৬/৪০৯/৪৬৮/৪৭১ ধাৰা অধীনত ১৬১৯/১৯ নম্বৰত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷ইপিনে চিকিৎসকগৰাকীক বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত মহামান্য আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে চিকিৎসকজনক ৷

ইতিমধ্যে ৰাজ্যখনত সংঘটিত হোৱা পাঁচ শ কোটি টকাৰ বীমা কেলেংকাৰীৰ তদন্ত চলি আছে ৷ কেলেংকাৰীটোৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে বৰপেটা মেডিকেল কলেজ হস্পিতালৰ এজন চিকিৎসকৰ সৈতে দুজনকৈ চিকিৎসকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে বীমা কোম্পানীৰ শীৰ্ষ পদাধিকাৰী, বীমা বিষয়া, চিকিৎসাকৰ্মী, গাঁওবুঢ়া,বীমা কোম্পানীৰ এজেন্ট, ইনভেষ্টিগেটৰসহ ১৯ জনকৈ লোক জালত পৰিছিল আৰক্ষীৰ ৷ শেহতীয়াভাৱে বৰপেটাত পুনৰ আৰম্ভ হৈছে বীমা কেলেংকাৰী ৷মৃত মানুহৰ নামত বীমা কৰি বীমাৰ ধন আদায় কৰা এটা চক্ৰৰ সৈতে জড়িত হৈ পৰিছিল ধৃত ডাঃ নুৰুল ইছলাম ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in