/asomiyapratidin/media/media_files/2026/03/01/new-ap-web-11-1-2026-03-01-19-05-54.jpg)
ডিজিটেল ডেস্কঃ ৰমাৰ নিকটৱৰ্তী বৰজাৰত অৱসৰী কৰ্মচাৰী পৰিষদৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন দিনযোৰা কাৰ্যসূচীৰে দক্ষিণ বৰজাৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন,বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে ক্ৰমে অৱসৰী কৰ্মচাৰী পৰিষদ বৰজাৰৰ সভাপতি ড° সুনীল চন্দ্ৰ শৰ্মা, উপদেষ্টা ফুকন চন্দ্ৰ কলিতা আৰু অৱসৰী কৰ্মচাৰী ব্ৰজনাথ কলিতাই ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/01/whatsapp-imag-2026-03-01-19-03-47.jpeg)
উল্লেখ্য যে, অৱসৰী কৰ্মচাৰী পৰিষদ,বৰজাৰৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশনৰ মুকলি সভাত বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চিৰতৰুণ কালিকান্ত দাসে অৱসৰী কৰ্মচাৰী সকলক উদ্দেশ্যি মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে- ইতিবাচক চিন্তা আৰু দৈনিক প্ৰনায়ামে শৰীৰ সু-স্বাস্থ্য হৈ থকাত সহায় কৰে । নিজকে নিৰোগী কৰি ৰাখিবলৈ আমি অৱসৰী কৰ্মচাৰী সকলে নিয়মীয়াকৈ প্ৰনায়াম কৰা দৰকাৰ। ইতিবাচক চিন্তাৰে সমাজৰ হিতৰবাবে সামাজিক কামকাজত জৰিত হ'ব লাগিব। চৰকাৰে অৱসৰ দিলে বুলিয়ে ঘৰতে শুই বহি থাকিলে বেমাৰে আমাক আগুৰি ধৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/01/whatsapp-image-2026-03-01-19-04-13.jpeg)
দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাত বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক নৰেন্দ্ৰ বড়োই নিৰ্দিষ্ট বক্তা হিচাবে অংশগ্ৰহণ কৰে । সভাত সভাপতিত্ব কৰে অৱসৰী কৰ্মচাৰী পৰিষদ বৰজাৰৰ সভাপতি ড° সুনীল চন্দ্ৰ শৰ্মাই। মুকলি সভাত জ্যেষ্ঠ অৱসৰী শিক্ষয়িত্ৰী মাহিন্দ্ৰী কলিতা,অৱসৰী কৰ্মচাৰী ৰমাকান্ত চৌধূৰী আৰু কান্তেশ্বৰ তালুকদাৰক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই সভাৰ আঁত ধৰে সম্পাদক লক্ষী কলিতাই।ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা বিষয় বাচনি সভাত ড° সুনীল চন্দ্ৰ শৰ্মাক সভাপতি আৰু লক্ষী কলিতাক সম্পাদক হিচাবে লৈ আগন্তুক বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰা হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/01/whatsapp-i-2026-03-01-19-04-38.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us